ৰঞ্জিত পাটগিৰিৰ কাব্য সংকলন ‘প্ৰিয় বৰ্ণ’ উন্মোচন…

ৰঞ্জিত পাটগিৰিৰ কাব্য সংকলন ‘প্ৰিয় বৰ্ণ’  উন্মোচন…

ডিজিটেল ডেস্ক : যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি ৰঞ্জিত পাটগিৰিৰ "প্ৰিয় বৰ্ণ" শীৰ্ষক এখন কাব্য সংকলন গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । কাব্য সংকলন খন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে ।

উন্মোচনী অনুষ্ঠানত পৰমানন্দ ৰাজবংশীয়ে কয় যে যুৱ প্ৰজন্মৰ গ্ৰন্থ পঢ়াৰ এটা অনিহা আহিছে । গ্ৰন্থ ভগবানৰ আন এটা ৰূপ । গ্ৰন্থ পঢ়াৰ যি অভ্যাস সেয়া আমি যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি কৰিব লাগিব । কোৰোনাৰ সময়ত স্কুলত পঠাব নোৱাৰা কিশোৰ কিশোৰী সকল অথবা যুৱ প্ৰজন্মৰ বাতৰি কাকত অথবা গ্ৰন্থ পঢ়াৰ অনিহা দেখিবলৈ পোৱা গৈছিল বুলিও ৰাজবংশীয়ে মন্তব্য কৰে ।ইপিনে ৰাজবংশীয়ে ৰঞ্জিত পাটগিৰিৰ এটি কবিতা আবৃত্তি কৰি গ্ৰন্থ খন উন্মোচন কৰে ।

ইফালে কবি ৰঞ্জিত পাটগিৰিয়ে সংবাদ মাধ্যমৰ আগত কয় যে কিতাপ খন যোৱা ১০ বছৰত লিখা প্ৰায় সংখ্যক কবিতা আছে । কবিতাবোৰত গ্ৰাম্য জীৱনৰ লগতে নগৰ কেন্দ্ৰীক জীৱনৰ কিছু ছবি কবিতাৰ মাজেৰে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ।

উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে – " এই কবিতা বোৰত আধুনিক জীৱনৰ হেপাহ,পোৱা নপোৱা দুখ বেদনাৰ এখন ছবি আছে । " মৰা নখত কোনে বুলাব তেজ ৰঙা জেতুকাৰ বোল " কিতাপ খনৰ এই বাক্যতে আত্মা লুকাই আছে । অসমীয়া কবিতাৰ বহু উত্তৰন ঘটিছে । "

উল্লেখযোগ্য য়ে 'প্ৰিয় বৰ্ণ'ৰ পাতনি লিখিছে ড: হীৰেন গোহাঁইয়ে । গ্ৰন্থ খন প্ৰকাশ কৰিছে এম আৰ পাব্লিকেশ্যনে । ইপিনে গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে "আমাৰ অসম' কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথৰ লগতে কাব্য সমালোচক বিপুল শৰ্মাই আঁত ধৰা এই উন্মোচনী অনুষ্ঠানত অসমীয়া সাহিত্য তথা সংবাদ জগতৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in