নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ অন্য স্থানৰ দৰে নগাঁৱটো আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত স্বাধীনতা দিবসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই।

পুৱা ৯ বজাত পতাকা উত্তোলন কৰি মন্ত্ৰী দত্তই স্বাধীনতা সংগ্ৰামত মৃত্যু বৰণ কৰা শ্বহীদসকলক স্মৰণ কৰে। স্বাধীনতা সংগ্ৰামত নগঞা ৰাইজৰ অৱদানৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰে হাতত লোৱা উন্নয়নমূলক কাম-কাজৰ বিষয়ে ৰাইজক অৱগত কৰে।

পতাকা উত্তোলনৰ পিছতে আৰক্ষী, চি আৰ পি এফ, গৃহৰক্ষী , এন চি চি, স্কাউট, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজ আৰু অভিবাদন গ্ৰহণৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

এই অনুষ্ঠানতে সংবৰ্ধনা জনোৱা হয় কেবাটাও শ্বহীদ পৰিয়ালক। ইয়াৰ পিছতে জিলা প্ৰশাসনৰ তৰফৰ পৰা চিকিৎসালয়, নাৰী গৃহ, অনাথ আশ্ৰম, কাৰাগাৰ, বৃদ্ধাশ্ৰম আৰু অন্ধ বিদ্যালয়ত ফল-মূল বিতৰণ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in