বিজেপিত ১৫ লাখ নতুন সদস্য ভৰ্তিত দলীয় কাৰ্যকতালৈ অভিনন্দন সভাপতি ৰঞ্জিত দাসৰ

বিজেপিত ১৫ লাখ নতুন সদস্য ভৰ্তিত দলীয় কাৰ্যকতালৈ অভিনন্দন সভাপতি ৰঞ্জিত দাসৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তিৰ লক্ষ্যৰে চলোৱা অভিযানত স্বতঃস্ফুৰ্তভাৱে সহাঁৰি জনোৱাৰ বাবে দলীয় কাৰ্যকতাক অভিনন্দন জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে, দেওবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে কয়- আমি আশা কৰাতকৈ অধিক সদস্য দলীয় কাৰ্যকতাৰ ডেৰমাহ ধৰি কৰা প্ৰচেষ্টাত লাভ কৰিব পাৰিছো।

ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ১১ লাখ লোকৰ নতুন সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও সেই লক্ষ্য অতিক্ৰম কৰি ১৫ লাখ নতুন সদস্য ভৰ্তি হয়। ইফালে এই সদস্য ভৰ্তি অভিযান লৈ সভাপতি দাসে লগতে কয়, নৰেন্দ্ৰ মোডী নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত জনহিতকৰ আঁচনিত ৰাইজৰ যে আশা আছে সেয়া এই সদস্য ভৰ্তিয়ে পুনৰ প্ৰমাণ কৰিলে। আনহাতে এই সংবাদমেলত উপস্থিত থাকে ন বিজেপি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ লগতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি নতুনকৈ ভোটাৰ তালিকাত সন্নিবিষ্ট হোৱা ভোটাৰ, সংখ্যালঘু ৰাইজ, চাহ শ্ৰমিকৰ লগতে অনুসূচিত জনজাতি আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকৰ উপৰিও ভাষা ভাষী, ধৰ্মাৱলম্বী, জনগোষ্ঠীৰ লোকে বিজেপিৰ প্ৰতি আস্থা ৰাখি এই সদস্য ভৰ্তি গ্ৰহণ কৰিছে বুলি সভাপতিয়ে প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in