এই ৰায়দানে মোডী চৰকাৰৰ “এক ৰাষ্ট্ৰ, শ্ৰেষ্ঠ ভাৰত”ৰ ধাৰণাক অন্য মাত্ৰা প্ৰদান কৰিলেঃ ৰাম জন্মভূমিৰ ৰায়দানক লৈ বিজেপি সভাপতি ৰঞ্জিত দাস

এই ৰায়দানে মোডী চৰকাৰৰ “এক ৰাষ্ট্ৰ, শ্ৰেষ্ঠ ভাৰত”ৰ ধাৰণাক অন্য মাত্ৰা প্ৰদান কৰিলেঃ ৰাম জন্মভূমিৰ ৰায়দানক লৈ বিজেপি সভাপতি ৰঞ্জিত দাস

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "শতিকাজোৰা ৰাম জন্মভূমি বিবাদে আজি কেৱল সমাধান লাভ কৰাই নহয়, সমগ্ৰ দেশ বাসীয়ে এক নতুন বাৰ্তা লাভ কৰিলে। আজি যেন মোডী চৰকাৰৰ "এক ৰাষ্ট্ৰ, শ্ৰেষ্ঠ ভাৰত"ৰ ধাৰণাই এক নতুন মাত্ৰা লাভ কৰিলে।"- এই গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। শনিবাৰে ঢকুৱাখনা জিলা বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি সভাৰ শেষত আয়োজিত এখন সংবাদ মেল সাম্বোধন কৰি উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা আযোধ্যাৰ ভূমি বিবাদৰ ঐতিহাসিক ৰায়দানৰ ওপৰত সভাপতি দাসে লগতে কয় যে- আজি কাৰো জয় পৰাজয় হোৱা নাই। আৰু এই বিষয়তোক লৈ আমি কোনোৱেই বেছি উল্লাস কৰাও প্ৰয়োজন নাই। কাৰণ আমি কোনো আইনৰ উৰ্ধত নহয়। গতিকে আমি আজি দিয়া এই ৰায়দানৰ পৰা সকলোৱে ন্যায় পালো বুলিহে ভাবিব লাগে।

ঢকুৱাখনাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ দলেৰ লগতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা, ডঃ অমিয় কুমাৰ ভূঞা, ঢকুৱাখনা জিলা বিজেপি নেতৃত্বক লগত লৈ আয়োজন কৰা সংবাদমেলখনত তেওঁ লগতে ৰাজ্যৰ লাখ লাখ বিজেপি দলৰ কৰ্মকৰ্তাক আজিৰ বিষয়টোত অধিক হৈ ছৈ নকৰি সম্পূৰ্ণ শান্তি শৃংখলা অটুট ৰাখি ৰাইজৰ সৈতে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in