বিজেপিৰ নেতা কৰ্মীক আক্ৰমণ কোনো কাৰণতে গ্ৰহণ কৰা নহ’বঃ ঢকুৱাখনাত সংবাদমেল পাতি ঘোষণা ৰঞ্জিত দাসৰ, VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমগ্ৰ ঢকুৱাখনা তথা ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঢকুৱাখনাৰ দুই বিজেপি নেতাক আক্ৰমণৰ ঘটনাক লৈ শনিবাৰে আনুষ্ঠানিক ভাৱে মুখ খুলিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। যোৱা ৩ নৱেম্বৰৰ ঘটনাক গৰিহণা দি সভাপতি ৰঞ্জিত দাসে বিজেপি দলৰ নেতা কৰ্মীক আক্ৰমণ কৰি যোৱা কোনো অপৰাধীয়েই বাছি নাযাব বুলি প্ৰকাশ এইক্ষেত্ৰত সকলোকে শান্তি শৃংখলা বজায় ৰাখিবলৈ আহ্বান জনায়।

আনহাতে আৰক্ষী প্ৰশাসনে যদি এইক্ষেত্ৰত বিশেষ ভূমিকা পালন নকৰে তেতিয়া বিজেপিৰ লাখ লাখ কৰ্মকৰ্তা হাত সাৱটি বহি নাথাকে বুলি প্ৰকাশ কৰি অপৰাধীবোৰক সতৰ্ক হৈ থাকিবলৈ সকীয়নি প্ৰদান কৰে। ঢকুৱাখনাৰ বিধায়ক তথা মন্ত্ৰী নৱ দলে, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মা, সম্পাদক ডঃ অমিয় কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া, জিলা সভাপতি প্ৰদীপ চমুৱা, জিলা পৰিষদৰ সভানেত্রী মঞ্জু বৰগোহাঁইকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা সংবাদমেল খনত ৰাজ্যিক সভাপতি গৰাকীয়ে যোৱা ৩ নৱেম্বৰত ব্ৰহ্মপুত্ৰৰ পাৰত দুই ন বিজেপি নেতা ক্ৰমে পৰমা
চুংক্ৰাঙ আৰু বৈদ্যনাথ পায়েঙক আক্ৰমণকাণ্ড কাপুৰুখালি বুলি অভিহিত কৰি আৰক্ষীক অতি সোনকালে বাকী অপৰাধী খিনিক বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

ইফালে ঢকুৱাখনাৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত এনে কাণ্ড হোৱাটোত আশ্চৰ্য প্ৰকাশ কৰি ৰাজ্যিক সভাপতি গৰাকীয়ে অপৰাধী সকলক অতি সোনকালে নিজক সংশোধন কৰিবলৈ আহ্বান জনায়। অন্যথা বিজেপি দলৰ লাখ লাখ কৰ্মী এনেই শুই বহি নাথাকে বুলি প্ৰকাশ কৰি ঢকুৱাখনাৰ এই কাণ্ডৰ বিষয়ে ৰাজ্যজুৰি প্ৰচাৰ চলাব বুলিও প্ৰকাশ কৰে। তেতিয়া ঢকুৱাখনাত প্ৰকৃততে কি ধৰণৰ মানুহ আছে সেইয়া ৰাজ্যৰ চুকে কোনে গম পাই যাব বুলিও তেওঁ একপ্ৰকাৰ ভাবুকি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in