ৰঞ্জিত দাসৰ ঘোষণা- এতিয়াও চূড়ান্ত হোৱা নাই বিজেপিৰ নগাঁও তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম

ফাইল ফটো
ফাইল ফটো
  • দিল্লীৰ পৰা উভতি গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদ মেল।
  • 'তেজপুৰ আৰু নগাঁও সমষ্টি দুটাৰ প্ৰাৰ্থী এতিয়াও চূড়ান্ত হোৱা নাই।'
  • সমষ্টি দুটাত প্ৰাৰ্থি বাচনিক লৈ বিজেপি জটিলতাৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰ ৰঞ্জিত দাসৰ।
  • 'বিজেপিৰ ১০ সমষ্টিৰ ৮ টাৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে।'
  • 'ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্বাক্ষৰৰ পিছতে ঘোষণা কৰা হ'ব প্ৰাৰ্থী তালিকা।'
  • ইফালে বিজেপিৰ প্ৰাৰ্থী পেনেলত তেজপুৰৰ বৰ্তমানৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ নাম অন্তৰ্ভূক্ত হৈছিল বুলিও দাবী কৰে ৰঞ্জিত দাসে।
  • হিমন্ত বিশ্ব শৰ্মাই টিকট লাভ নকৰা সন্দৰ্ভত তেওঁ কয়-
  • 'নেডাৰ আহ্বায়ক হিচাপে অসম তথা উত্তৰ-পূবৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থাকিব হিমন্ত বিশ্ব শৰ্মা।'
  • 'হিমন্ত বিশ্ব শৰ্মাৰ নাম পেনেলত দিছিল ৰাম মাধৱে।'
  • 'কিন্তু পিছত আলোচনা মৰ্মে প্ৰত্যাহাৰ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰাৰ্থী পেনেলৰ পৰা।'
  • সংবাদ মেলত কংগ্ৰেছ আৰু এই আই ইউ ডি এফৰ মিত্ৰতা হোৱা বুলিও অভিযোগ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ।
  • 'মিত্ৰতা হৈছে বাবেই তৰুণ গগৈয়ে আজিকালি হু ইজ বদৰুদ্দিন বুলি নকয়।'
  • কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয়-
  • 'চকীদাৰ মানে ৰখীয়া। সেই বাবেই নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নিজকে চকীদাৰ বুলি ভাবে।'
  • 'কিন্তু কংগ্ৰেছৰ মনোবৃত্তি ঠেক বাবে এই শব্দটোক উপলুঙা কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in