ৰঞ্জন গগৈঃ এক ব্যতিক্ৰমী ব্যক্তিত্ব আৰু আৰোহণৰ ব্যতিক্ৰম

ৰঞ্জন গগৈঃ এক ব্যতিক্ৰমী ব্যক্তিত্ব আৰু আৰোহণৰ ব্যতিক্ৰম

ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব ৰঞ্জন গগৈ। অসম সন্তান ৰঞ্জন গগৈক মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়াত ৰাষ্ট্ৰপতিয়ে অন্তিম মোহৰ মাৰিলে। ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিত বৰ্ষৰ ৩ অক্টোবৰত এই দায়িত্ব গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি হ'ব গগৈ।

ৰঞ্জন গগৈৰ জন্ম হৈছিল ১৯৫৪চনৰ ১৪ নবেম্বৰত। ডিব্ৰুগড়ৰ ডনবস্কত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰঞ্জন গগৈয়ে। তাৰপাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইন্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰিছিল। মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈয়ে ২০১৯ৰ ১৭ নবেম্বৰলৈকে মুঠ ১৩মাহ কাৰ্যনিৰ্বাহ কৰিব।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ। ১৯৭৮চনত তেখেতে অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ত সাংবিধানীক কৰ আৰু কোম্পানী বিষয়ক গোচৰৰ ওকালতিৰে এই  কেৰিয়াৰত ভৰি দিছিল। ২০০১চনৰ ২৮ ফেব্ৰুৱাৰীত ৰঞ্জন গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানীয় ন্যায়াধীশ নিযুক্তি লাভ কৰে।

২০১০চনৰ ছেপ্টেম্বৰত ৰঞ্জন গগৈক বদলি কৰা হৈছিল পঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়লৈ। ২০১১চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ পঞ্চাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। তাৰপাছত ২০১২চনৰ ২৩ এপ্ৰিলত ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল। ৬৩ বছৰীয়া ৰঞ্জন গগৈয়ে চলিত বৰ্ষৰ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ আন তিনিজন জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে মিলি এক সংবাদমেল সম্বোধন কৰিছিল। ইয়াক লৈ যথেষ্ট চৰ্চা হৈছিল।

দেশৰ ৪৬সংখ্যক মু্খ্য ন্যায়াধীশ হ'ব ৰঞ্জন গগৈ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ, ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধীৰ কাৰাবাস হ্ৰাস, লোক আয়ুক্ত নিযুক্তি আদি বিষয়ত তেখেতে গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in