পহিলা মাঘত ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা, উখল মাখল পৰিৱেশ

পহিলা মাঘত ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা, উখল মাখল পৰিৱেশ

ডিজিটেল সংবাদ, শিৱসাগৰঃ পহিলা মাঘত শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা ৰংপুৰ মেলাক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰত। ২০১১ চনৰ পৰা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ৰংপুৰ মেলাত এইবাৰো দেখা গৈছে যথেষ্ট লোকৰ ভিৰ।

পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণৰ পাছত এচিয়াৰ প্ৰথম পেভিলিয়নৰূপে খ্যাত ৰংঘৰ বাকৰিত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৰংপুৰ মেলাৰ।

এই মেলাত টাই আহোম, গাৰো, তিৱা আদিকে ধৰি বহু কেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল অনুষ্ঠান পৰিৱেশন কৰে। তদুপৰি মেলাৰ বাকৰিতে অনুষ্ঠিত হয় ৰচী টনা, পিছল খুঁটা বগোৱা আদি খেলৰো।

ইফালে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে এইবাৰ ৰংপুৰ মেলাত ম'হযুঁজ অনুষ্ঠিত কৰা নাই যদিও পুৱাৰে পৰা মেলাৰ বাকৰিত স্ৰোত বৈছে সহস্ৰাধিক লোকৰ। টাই আহোম সকলৰ পৰম্পৰাগত লাইলুংখাম নৃত্যৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হোৱাৰ লগতে আন বহু বাৰেৰহণীয়া অনুষ্ঠানো অনুষ্ঠিত হয় ৰংপুৰ মেলাত।

ৰংপুৰ মেলা বাকৰিত অনুষ্ঠিত সভাত বুৰঞ্জীবিদ দিলীপ বুঢ়াগোহাঁই, সাহিত্যিক প্ৰেম গগৈ, উদযাপন সমিতিৰ সভাপতি দিগন্ত তামুলী, আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, আটাছুৰ উপ সভাপতি বসন্ত গগৈ, অংকুৰণ ফুকন, হৰেণ ফুকনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই ৰংপুৰ মেলাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সংকল্প লয় সকলোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in