ৰঙিয়াত ‘জেল ভৰো’ কাৰ্যসূচী ৰূপায়ণেৰে চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ

ৰঙিয়াত ‘জেল ভৰো’ কাৰ্যসূচী ৰূপায়ণেৰে চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ১৯৪২ চনত আজিৰ দিনটোতেই আৰম্ভ হৈছিল বিখ্যাত ভৰত ত্যাগ আন্দোলনৰ। ইতিহাসৰ পুনৰাবৃত্তি কৰি আজি সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো জেল ভৰো কাৰ্যসূচীৰ অংশ হিচাপে চি পি আই (এম) ৰ নেতৃত্বত কেইবাটাও সংগঠনে সমদল উলিয়ায়।

বিজেপি চৰকাৰক বৃটিছৰ সৈতে তুলনা কৰি সমগ্র দেশৰ লগতে ৰঙিয়াতো ৰূপায়ণ কৰা জেল ভৰো কাৰ্যসূচীত অংশগ্ৰহণ কৰে চি আই টি ইউ কামৰূপ জিলাৰ সম্পাদক বিবেকানন্দ অধিকাৰী, অসম জনজাতি অধিকাৰ মঞ্চৰ সভাপতি পূৰ্ণ বড়ো, ৰঙিয়াৰ ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ শৰৎ কলিতা, চি পি আই(এম)ৰ সক্ৰিয় কৰ্মী বীৰেণ শৰ্মা প্ৰমুখ্যে বহুকেইজন ব‍্যক্তি।

স্বতঃস্ফূৰ্তভাৱে ওলাই অহা সহস্ৰাধিক লোকৰ মিছিলটোৱে চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আৰক্ষীৰ বাধা নেওচি প্ৰবেশ কৰে।

তাত বিভিন্ন দাবীৰে বহুসময় ধৰি শ্লগান আওৰাই ধৰ্ণা প্ৰদৰ্শনৰ অন্তত ১৩টাকৈ দাবী সন্নিৱিষ্ট আৰু ৬৭৪২ জনৰদ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰ চক্ৰবিষয়া ইমলি বৰুৱাৰ হাতত অৰ্পণ কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰী পক্ষক স্মাৰক পত্ৰ প্ৰদানৰ পিছত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰে।

আজিৰ এই কাৰ্যসূচীত চি আই টি ইউৰ ৰঙিয়াৰ মধ‍্যহ্ন ভোজন কৰ্মী, আংগনৱাড়ী সহায়িকা আৰু কৰ্মী, নিৰ্মাণ শ্ৰমিক সন্থাৰ লগতে এছ এফ আই আৰু অন্যান্য সংগঠনেও ভাগ লয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in