ৰঙিয়াত বিজেপি প্ৰাৰ্থীৰ পোষ্টাৰ ফালিলে দুূবৃৰ্ত্তই

ৰঙিয়াত বিজেপি প্ৰাৰ্থীৰ পোষ্টাৰ ফালিলে দুূবৃৰ্ত্তই

ডিজিটেল সংবাদ, ৰঙিয়াঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত ৰঙিয়াত নিৰ্বাচনী হিংসাই গা কৰি উঠা পৰিলক্ষিত হৈছে। শনিবাৰে নিশা কোনো দুৰ্বৃত্তই বিজেপিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰি থৈ যায়। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পূব বড়িগোগ জিলাৰ পদুম কুৱৰী পঞ্চায়তৰ অন্তৰ্গত মিলন চকত বিজেপিৰ কাৰ্যালয়টো কোনে ভাঙিলে সেই বিষয়ে এতিয়াও স্পষ্ট কৈ জানিব পৰা হোৱা নাই।

জলসিঞ্চন আৰু ৰাজহ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ লগতে পুৱ বড়িগোগ জিলা পৰিষদৰ সদস‍্যা ৰূপালী শৰ্মাৰ পোষ্টাৰ ফালি পেলোৱাক লৈ ক্ষুদ্ধ হৈ পৰে বিজেপি কৰ্মী। ঘটনাস্থলীত তদন্ত কৰিবলৈ দণ্ডাধীশ আৰু আৰক্ষীৰ দল উপস্থিত হয়। বিজেপিৰ উত্থানত শংকিত হৈ বিৰোধী দলে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা বুলি বিজেপি নেতাই অভিযোগ উত্থাপন কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in