ৰাণা প্ৰতাপ কলিতাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে উত্তম যুদ্ধা সেৱা মেডেল

ৰাণা প্ৰতাপ কলিতাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে উত্তম যুদ্ধা সেৱা মেডেল

ডিজিটেল ডেস্কঃ লেফেটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ উত্তম যুদ্ধা সেৱা মেডেল আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান আগবঢ়াই অসম সন্তান ৰাণা প্ৰতাপ কলিতাক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেওঁ অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলো লাভ কৰিছিল।

ভাৰতীয় সেনাত কৰ্মৰত ৰাণা প্ৰতাপ কলিতাৰ ঘৰ ৰঙিয়াত। তেওঁ বৰ্তমান নাগালেণ্ডৰ ডিমাপুৰত থকা বেছ-৩ কৰ্পছৰ জি অ' চি। উল্লেখযোগ্য যে পূৰ্বতে এই সন্মান ঘোষণা কৰা হৈছিল যদিও কোভিড পৰিস্থিতিৰ বাবে সন্মান প্ৰদানত পলম হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in