‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যাৰ ভাবুকি প্ৰদান কৰিছে দক্ষিণপন্থী সংগঠন শ্ৰীৰাম সেনাৰ এজন কৰ্মকৰ্তাই। ভাইৰেল হোৱা এটা ভিডিঅ'ত শ্ৰীৰাম সেনাৰ কৰ্মকৰ্তা সঞ্জীৱ মাৰদীয়ে অমূল্য লিয়োনাক মুক্তি নিদিবলৈ চৰকাৰক আহ্বান জনোৱা দেখা গৈছে। অন্যথা যুৱতীগৰাকীক হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰে সঞ্জীৱ মাৰদীয়ে।

অমূল্য লিয়োনাৰ বিৰুদ্ধে শনিবাৰে বেল্লাৰীত শ্ৰীৰাম সেনাই আয়োজন কৰা এক বিৰোধ ৰেলীত মাৰদীয়ে কয়, 'ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোনো পৰিস্থিতিতেই যুৱতীগৰাকীক মুক্তি কৰি দিব নালাগে। আৰু যদি তেওঁক মুক্তি দিয়ে, তেন্তে আমি হত্যা কৰিম।' যুৱতীগৰাকীক হত্যা কৰা জনক শ্ৰীৰাম সেনাৰ তৰফৰ পৰা ১০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে শ্ৰীৰাম সেনাৰ সদস্যজনে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজিত এক ৰেলীত অমূল্য লিয়োনা নামৰ যুৱতীগৰাকীয়ে 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিছিল। তাৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় আৰু যুৱতীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। 'কা' বিৰোধী সেই ৰেলীখনত এআইএমআইএমৰ অধ্যক্ষ আছাদুদ্দিন অৱেছীও উপস্থিত আছিল। আনহাতে যুৱতীগৰাকীয়ে কয় যে তেওঁ 'পাকিস্তান জিন্দাবাদ' আৰু 'হিন্দুস্তান জিন্দাবাদ'ৰ মাজৰ পাৰ্থক্যৰ কথা ক'ব খুজিছিল যদিও আধাতে তেওঁৰ হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি নিয়া হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in