শেহতীয়া খবৰ
এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ

সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ…

59

ডিজিটেল ডেস্কঃ সমস্যাই লগ নেৰা হৈছে উত্তৰপ্ৰদেশৰ ৰামপুৰৰ সাংসদ তথা সমাজবাদী পাৰ্টিৰ নেতা আজাম খানৰ। কিয়নো বৃহস্পতিবাৰে তেওঁৰ নাম সাঙোৰ খাই ভূ-মাফিয়াৰ তালিকাত। তাৰপাছতেই সাংসদগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- মোৰ বিৰুদ্ধে ৰুজু কৰা ২৩টা গোচৰ ভিত্তিহীন। আৰু এয়া প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে কৰা হৈছে।

ৰামপুৰৰ সাংসদগৰাকীয়ে লগতে কয়- ‘মোৰ সৈতে যি হৈ আছে সেয়া সমগ্ৰ দেশে দেখিছে। একাংশই মোৰ বাবে প্ৰাৰ্থনাও কৰিছে।’ নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰি তেওঁ কয়- ‘এই হিংসাই মোৰ প্ৰাণ যেন কাঢ়ি লৈ নাযায়।’

লগতে সাংসদগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত কয় যে, যিখিনি ভূমি ১২-১৪ বছৰ পূৰ্বেই পঞ্জীয়ন কৰা হৈছিল আৰু তাৰ বাবে ধনো দি দিয়া হৈছিল সেই ভূমিখিনিক লৈয়ে বৰ্তমান সংঘৰ্ষৰ সৃষ্টি কৰা হৈছে।

বিজেপিক উদ্দেশ্যি ৰামপুৰৰ সাংসদ খানে কয়- একাংশই শিক্ষাৰ বাবে ভূমি দিয়ে, কিন্তু বিজেপিয়ে এই ভূমি কাঢ়ি লোৱাৰ কাম কৰে। ইফালে, ৰামপুৰৰ আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই জনায় যে- বৰ্তমানলৈ সাংসদ আজাম খানৰ বিৰুদ্ধে ২৩টাকৈ গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভূ-মাফিয়াৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। লগতে তেওঁ জনায় যে, এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছে এটা তদন্তকাৰী কমিটী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি