সৎলোক গুৰু ৰামপালক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

সৎলোক গুৰু ৰামপালক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্কঃ সৎলোক আশ্ৰমৰ পৰিচালক গুৰু ৰামপালক মঙলবাৰে হাৰিয়ানাৰ হিছাৰ আদালতে ৪ মহিলা আৰু এটি শিশুৰ হত্যাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে৷ ইয়াৰ উপৰিও আদালতে ৰামপালক ১ লাখ টকাৰ নগদ জৰিমণা বিহে৷

উল্লেখ্য যে, ২০১৪ চনত সৎলোক আশ্ৰমৰ ভিতৰত হোৱা সংঘৰ্ষত এটি শিশু সহ ৫ জনৰ মৃত্যু ঘটিছিল৷ ইয়াৰ পিছতে সৎলোক আশ্ৰমখনৰ পৰিচালনাৰ দায়িত্বত থকা গুৰু ৰামপালৰ বিৰুদ্ধে আৰক্ষীয়ে দুটা হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল৷ পিছত হিছাৰ আদালতে ৰামপালক দোষী সাব্যস্ত কৰে৷

মঙলবাৰে ৰামপালৰ শাস্তি ঘোষণাৰ পূৰ্বে হিছাৰ আদালতৰ সন্মুখত প্ৰশাসনে বিশেষ নিৰাপত্তা বেষ্টনী গঢ়ি তোলে৷ ৰামপালৰ সমৰ্থকে যাতে চহৰখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতিও প্ৰশাসনে সতৰ্ক দৃষ্টি ৰাখে৷ আৰক্ষী সূত্ৰই জনোৱা মতে, মঙলবাৰে ১৫০০ আৰক্ষী জোৱানক চহৰখনৰ নিৰাপত্তাৰ বাবে মোতায়েম কৰা হয়৷

ইফালে ৰামপালৰ সৈতে দোষী সাব্যস্ত হোৱা আন ১৪ জন লোকক আদালতে ১৭ অক্টোবৰত শাস্তি ঘোষণা কৰিব৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in