ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ, কলাইগাওঁ ঘটনাৰ সৈতে নাম সাঙোৰ খালে কাজল ভূঞাঁৰ…সবিশেষ

ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ,  কলাইগাওঁ ঘটনাৰ সৈতে নাম সাঙোৰ খালে কাজল ভূঞাঁৰ…সবিশেষ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুলশীপাৰত শনিবাৰে সংঘটিত দেশ কপোৱা কাণ্ডত জৰিত ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক আজি পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ওদালগুৰি অতিৰিক্ত মূখ্য ন্যায়ধীশৰ আদালতে। যোৱা নিশা দৰং জিলাৰ কুৰুৱাৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত ভণ্ড তান্ত্ৰিক গৰাকীক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছত ৰমেশ চহৰীয়াক যোৱা নিশা ওদালগুৰি জিলাৰ টংলা থানালৈ আনি আজি আগবেলা টংলা আৰক্ষী থানাত ৰাখি ওদালগুৰি আৰক্ষী অধীক্ষক লংণিত টেৰাঙৰ উপস্থিতিত আৰক্ষীয়ে মাৰাথান জেৰা চলায়। ইয়াৰ পাছত আজি বিয়লি প্ৰায় ২:১৫ বজাত কলাইগাওঁ আৰক্ষীৰ এটা দলে ধৃত তান্ত্ৰিকগৰাকীক ওদালগুৰিৰ পিএছ‌আই আদালতত উপস্থাপন কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত সাংবাদিকৰ আগত একাধিক বিস্ফোৰক ভাষ্য প্ৰদান কৰি ঘটনাটোৰ সৈতে অন্য এগৰাকী তান্ত্ৰিক কাজল ভূঞাঁ জৰিত থকা বুলি তেওঁ উল্লেখ কৰে। ধৃত তান্ত্ৰিক চহৰীয়াই কয় যে যাদৱ চহৰীয়াৰ পৰিয়ালটোৰ সৈতে মোৰ বিগত ৯ বছৰে সু-সম্পৰ্ক আছিল। এতিয়া ম‌ই উক্ত ঘটনা সন্দৰ্ভত অনুতপ্ত। লগতে তেওঁ ছিপাঝাৰৰ আন এগৰাকী তান্ত্ৰিক কাজল ভূঞাঁৰ নাম উচ্চাৰণ কৰি কয় যে কাজল ভূঞাঁই মৃত পুলকেশক ঘটনাটি সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পূৰ্ৱে এটি গাহৰিৰ দাঁত আৰু দুটা নোম থকা মৃগৰ নাভি প্ৰদান কৰিছিল।

উক্ত বস্তু কেইপদ পুলকেশক দিয়াৰ পাছৰে পৰা যাদৱ চহৰীয়াৰ পৰিয়ালৰ সদস্যসকলে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। যাৰ পৰিণতিত শনিবাৰে সংঘটিত হৈ গ'ল এই নিৰ্লজ আৰু দেশ কপোৱা ঘটনাটি। ইফালে কাজল ভূঞাঁ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত ধৃত ৰমেশ চহৰীয়াই কয় যে যিহেতু পৰিয়ালটোৰে তেওঁৰ সম্পৰ্ক আছিল। গতিকে যাদৱ চহৰীয়াৰ পৰিয়ালৰ সদস্যসকলে ৰমেশ চহৰীয়াৰ ছিপাঝাৰস্থিত বাসগৃহলৈ বহুবাৰ আহ যাহ কৰিছিল। ঠিক তেতিয়াই ৰমেশ চহৰীয়াৰ ছিপাঝাৰস্থিত নিজ বাসগৃহৰ সমীপত থকা এটি মন্দিৰত বিগত এবছৰ পূৰ্ৱে কাজল ভূঞাঁৰ সৈতে পৰিয়ালটোৰ সম্পৰ্ক ঘটে।

এবাৰ যাদৱ চহৰীয়াৰ পত্নীৰ চুলি যত বান্ধোতে পৰিয়ালটোৱে ছিপাঝাৰস্থিত মন্দিৰটোলৈ গৈছিল। তেতিয়া কাজল ভূঞাঁ নামৰ লোকজনে চুলিৰ যত ভঙাৰ বাবে কিছু পৰিমানে তেল-পানী দিছিল যাদৱ চহৰীয়াৰ পত্নীক। ফলত পত্নীয়ে চুলিখিনিৰ ক্ষেত্ৰত সুফল লাভ কৰিছিল। ফলত তেতিয়াৰে পৰাই কাজল ভূঞাঁৰ সৈতে যাদৱ চহৰীয়াৰ পৰিয়ালৰ সম্পৰ্ক অধিক দৃঢ় হৈ পৰে।

ফলত কাজলৰ একাধিক পৰামৰ্শ মনাৰ লগতে যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে ছিপাঝাৰলৈ সঘনাই অহা যোৱা কৰিবলৈ ধৰিলে। লগতে যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে শেষত আচৰিত ধৰণে কাজল ভূঞাঁৰ পৰামৰ্শবোৰ পালন কৰি যোৱাৰ কথাও সাংবাদিকৰ আগত প্ৰকাশ কৰে ধৃত তান্ত্ৰিক ৰমেশ চহৰীয়াই। কেৱল এয়াই নহয় পৰিয়ালৰ কুলশীপাৰস্থিত বাসগৃহলৈও কাজলৰ সঘটন অহা যোৱাৰ কথা জানিবলৈ দিয়ে ৰমেশে। লগতে যাদৱ চহৰীয়াৰ মৃত পুত্ৰক চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰমেশে পৰিয়ালটোৰ পৰা সা-সম্পত্তিৰ লগতে ধন লোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত ধৃত তান্ত্ৰিক গৰাকীয়ে কয় যে ম‌ই নিজেই পাচঁবাৰকৈ মেট্ৰিক পৰীক্ষা দি কোনোমতে পাঁচ কৰিছো। গতিকে ম‌ই আনক কেনেদৰে চাকৰি দিম?

ইফালে ধৃত ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক আজি ওদালগুৰিৰ অতিৰিক্ত মূখ্য ন্যায়ধীশৰ আদালতে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে আৰক্ষীৰ জেৰাত ৰমেশে প্ৰকাশ কৰা কাজল ভূঞা সন্দৰ্ভতো ওদালগুৰি আৰক্ষীয়ে অভিযান চলাব বুলি আৰক্ষীৰ এক সূত্ৰ‌ই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in