ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

ডিজিটেল সংবাদ, নগাঁওঃ 'ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত সংস্কাৰৰ প্ৰয়োজন। এই পৰীক্ষা নিয়ন্ত্ৰক ব'ৰ্ড দুখনৰ সংস্কাৰ সাধনেহে অসমৰ শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰিব পাৰিব।'-নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি শুকুৰবাৰে এইদৰে কয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

শিক্ষানুষ্ঠানখনৰ আদৰণি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ড০ ভট্টাচাৰ্যই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষণ পদ্ধতিৰ প্ৰশংসা কৰি  চৰকাৰী বিদ্যালয়সমূহেও এনে শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে।

আনহাতে, সভাখনত অংশগ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ ওপৰত ব্যাখ্যা ডাঙি ধৰে। অৰণ্য মানৱ যাদৱ পায়েঙে ছাত্ৰ-ছাত্ৰীক শিক্ষানুষ্ঠানৰ লগতে অভিভাৱকসকলকো বৃক্ষ ৰোপণ আৰু ইয়াৰ প্ৰতিপালনৰ প্ৰতি উৎসাহী কৰি তুলিবলৈ আহ্বান জনায়।

নৱাগত আদৰণি সভাখনত স্থানীয় বিধায়ক ৰূপক শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তও উপস্থিত থাকে। উল্লেখ্য যে, নৱাগত আদৰনি সভা উপলক্ষে শিক্ষানুষ্ঠানখনত পুৱা বৃক্ষ ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা আদি কাৰ্য্যসূচীও অনুষ্ঠিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in