বনলৈ নহয়, কাৰাগাৰলৈ ৰাম!

বনলৈ নহয়, কাৰাগাৰলৈ ৰাম!

ডিজিটেল ডেস্কঃ সাংবাদিক ৰাম চন্দন ছত্ৰপতিৰ হত্যাৰ অভিযোগত বৃহস্পতিবাৰে পঞ্চকুলাৰ এখন বিশেষ চিবিআইৰ আদালতে ডেৰা সচ্ছা সৌদাৰ প্ৰধান ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড বিহে। আদালতে ৰাম ৰহিমৰ লগতে আন ৩ জনকো যাৱজ্জীৱনৰ বাবে কাৰাগাৰৰ শাস্তি শুনায়।

উল্লেখ্য যে, নাৰী হত্যা আৰু নিৰ্যাতনৰ অভিযোগত বাবা ৰাম ৰহিম বৰ্তমানে ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰি ৰোহতকৰ চুনাৰিয়া কাৰাগাৰত কাৰাৱাস খাটি আছে। আনহাতে অম্বালাৰ এখন কাৰাগাৰত বৰ্তমানে কাৰাদণ্ড ভূগি আছে ৰাম ৰহিমৰ সহযোগী কুলদীপ সিং, নিৰ্মল সিং আৰু কৃষ্ণ লালে।

ইফালে, বৃহস্পতিবাৰে ডেৰা সচ্ছা সৌদাৰ প্ৰধান ৰাম ৰহিমসহ বাকী অপৰাধী কেইজনক আদালতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শাস্তি ঘোষণা কৰে। শাস্তি ঘোষণাৰ পূৰ্বে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰি পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে প্ৰশাসনে।

২০১৭ চনত আগষ্ট মাহত নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ৰাম ৰহিমৰ শাস্তি ঘোষণাৰ সময়ত হাৰিয়ানা, ছিৰছা আৰু পঞ্চকুলাত ৰাম ৰহিমৰ অনুৰাগীসকলে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সাংবাদিক ৰাম চন্দন ছত্ৰপতিৰ হত্যাৰ অভিযোগত অভিযুক্ত বাবা ৰাম ৰহিমৰ শাস্তি ঘোষণাৰ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাত অধিক গুৰুত্ব দিয়ে প্ৰশাসনে।

উল্লেখ্য যে, ৰাম ৰহিমৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ অপৰাধত ৰাম ৰহিমৰ নিৰ্দেশত কুলদীপ সিং, নিৰ্মল সিং আৰু কৃষ্ণ লালে সাংবাদিক ৰাম চন্দন ছত্ৰপতিক গুলীয়াই হত্যা কৰিছিল। দীৰ্ঘ দিন ধৰি আদালতত এই হত্যাৰ গোচৰ চলি থকাৰ পিছত অৱশেষত বৃহস্পতিবাৰে অভিযুক্ত আটাইকেইজনকে শাস্তি প্ৰদান কৰে আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in