ৰাম-মাধৱৰ দাবীঃ অকলেই গঠন কৰিব বিজেপিয়ে চৰকাৰ…

ৰাম-মাধৱৰ দাবীঃ অকলেই গঠন কৰিব বিজেপিয়ে চৰকাৰ…

ডিজিটেল ডেস্কঃউত্তৰ-পূবৰ ২৫খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব ১৮-২০খন আসন। এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত এই দাবী কৰিলে বিজেপি নেতা ৰাম মাধৱে। লগতে তেওঁ ২০১৯চনৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

উল্লেখযোগ্য যে, ব্লুমবাক নিউজক দিয়া সাক্ষাৎকাৰত চৰকাৰ গঠনৰ বাবে বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিব পাৰে বুলি মন্তব্য কৰা বুলি এক খবৰ প্ৰকাশ পাইছে। ব্লুমবাক নিউজে প্ৰকাশ কৰা এই খবৰত বিজেপি নেতাগৰাকীয়ে অস্বীকাৰ কৰে।তেনে মন্তব্য নাই কৰা বুলি দাবী কৰে ৰাম মাধৱে।

উত্তৰ-পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ নপৰিব নে বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰাম মাধৱে কয়- আমি পাৰ্যমানে প্ৰয়াস কৰিছিলো এই সন্দৰ্ভত উত্তৰ-পূববাসীৰ যি আশংকা আছিল সেয়া দূৰ কৰাৰ। আৰু সেয়ে এই বিধেয়কৰ বিৰোধীতা কৰা অগপ দলে আমাৰ সৈতে একেলগে মিত্ৰতা স্থাপনেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলিও ৰাম মাধৱে কয়।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আক্ৰমণ কৰি ৰাম মাধৱে কয়- আমাৰ হাতত ৰজা আছে। আমাক কিং মেকাৰ নালাগে। যিসকলে কিং মেকাৰ হ'ব বুলি ভাবিছে তেওঁলোকে সেই চিন্তা বাদ দিয়ক।

ইফালে, লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত দেশত কাৰ চৰকাৰ গঠন হ'ব তাক লৈ অব্যাহত আছে সৰৱ চৰ্চা। ১২ মে' ৫৯খন আসনৰ বাবে আৰু ১৯ মে'ত ৫৯খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ বাকী আছে। ৫৪৩খন আসনৰ ভিতৰত ১৩৮খন আসনত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ বাকী থকা সময়ত পৰৱৰ্তী চৰকাৰ গঠনক লৈ বিজেপি-কংগ্ৰেছ উভয় দলৰ মাজতেই ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে নেতাসকল।

বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিলেও উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত দলটোৰ স্থিতি সৱল নহয় বুলি বিভিন্ন জনে মন্তব্য কৰিছে। উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, পঞ্জাৱ আদি ৰাজ্যত বিজেপিয়ে কি ফলাফল লাভ কৰে তাৰ ওপৰতে বহু খিনি নিৰ্ভৰ কৰিছে দলটোৱে চৰকাৰ গঠন কৰা নকৰাক লৈ।

ইফালে, অসমতো বিজেপিৰ সৈতে আঞ্চলিক দল অগপৰ মিত্ৰতা স্থাপনৰ পাছত দলটোৰ প্ৰতি সাধাৰণ ৰাইজে আস্থা হেৰুৱাই পেলাইছে। এনে খবৰো ওলাইছে যে, অগপৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছতেই বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়াৰো সম্ভাৱনা আছে।

তাৰ সমান্তৰালকৈ ৰাজ্যখনত আঞ্চলিক ৰাজনৈতিক শক্তি গঠনৰ বাবে ভাগে ভাগে চলিছে তৎপৰতা। গোলাঘাটৰ লগতে গুৱাহাটীতো এই বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰা হৈছে অভিৱৰ্তনৰ। এইবাৰ লোকসভা নিৰ্বাচনৰ পাছতেই ২০২১চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুন ৰাজনৈতিক দল জন্ম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in