আজি দিনৰ ১২.৩০ বজাত ‘প্ৰতিদিন টাইম’ত ‘ৰক্তবীজ’

আজি দিনৰ ১২.৩০ বজাত ‘প্ৰতিদিন টাইম’ত ‘ৰক্তবীজ’

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উপলক্ষে আজি দিনৰ ১২.৩০ বজাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ভগ্নী চেনেল 'প্ৰতিদিন টাইমত' প্ৰথমবাৰলৈ উপভোগ কৰিবলৈ পাব বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ছবি 'ৰক্তবীজ'। ইতিমধ্যে অসমৰ ছবিগৃহত মুক্তি পোৱা ছবিখন প্ৰথমবাৰলৈ প্ৰতিদিন টাইমত উপভোগৰ সুযোগ লাভ কৰিব দৰ্শকসকলে।

বিশ্বজিৎ বৰাই পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে ৰবীন্দ্ৰ ৰাজাৱটে। উন্নত কেমেৰা, মনপৰশা সংগীত, সুন্দৰ কাহিনী আৰু মনোমোহা ঠাইত দৃশ্যগ্ৰহণ কৰা ৰক্তবীজত অভিনয় কৰিছে বলিউদৰ অভিনেতা ৰবি জাংঘু, মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া, বাহাৰুল ইছলাম, সুৰেণ মহন্ত, লনিশ্ৰী দাস আদিয়ে। নাচ, গান, প্ৰেম, ৰোমাঞ্চ, থ্ৰীল, এক্সন আদি সকলোৰে ভৰপূৰ ছবিখন এখন বলিউদৰ ছবিতকৈ কোনোগুণে কম নহয়।

এইবিলাকৰ উপৰিও ৰক্তবীজ ছবিখনত অসমৰ এক প্ৰধান সমস্যা গড় হত্যাৰ বিষয়েও মূল কাহিনীত উথাপন কৰিছে। অন্য হাতে একাংশ প্ৰতিপত্তিশীল অসমীয়াই যে প্ৰকৃত অসমীয়াৰ অভিনয় কৰি মূখা পিন্ধি থাকে, সেয়াও ছবিখনত দেখাইছে পৰিচালক বিশ্বজিৎ বৰাই।

অসমৰ বিশিষ্ট শৰীৰচৰ্চাবিদ তথা মিষ্টাৰ ইউনিৰ্ভাছ মহাদেৱ ডেকায়ো এক বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিছে ছবিখনত। ছবিখনৰ গীতসমূহত কন্ঠ নিগৰাইছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, নীল আকাশ, ৰোহিত চোনাৰ আৰু দীপলীনা ডেকাই।

এখন মনপৰশা ছবি আপোনালোকে উপভোগ কৰক আজি, দিনৰ ১২:৩০ বজাত প্ৰতিদিন টাইমত। ৰক্তবীজৰ ৱ'ল্ড টেলিভিছন প্ৰিমিয়াৰ কেৱল প্ৰতিদিন টাইমত। আপোনোলোকো সাক্ষী হওঁক এখন চুপাৰহিট অসমীয়া ছবিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in