কিয় কান্দিলে ৰকিবুলে হুছেইনে?

কিয় কান্দিলে ৰকিবুলে হুছেইনে?

ডিজিটেল সংবাদ, নগাঁও: ৰকিবুল হুছেইনে আজি কান্দিব লগা হ'ল ৷ ৰাজহুৱা স্হানত কান্দিলে ৰকিবুল হুছেইনে ৷ দীৰ্ঘ ৰাজনৈতিক জীৱনত হয়টো ৰকিবুলৰ কান্দোন মানুহে দেখা নাছিল ৷ জীৱন সংকত কালত ধৈয্যৰে আগবাঢ়ি যোৱা এইজন ৰাজনৈতিক ব্যক্তিৰ কান্দোন আজি চৰ্চাৰ বিষয় হৈ পৰিছে নগাঁৱত ৷ বিৰোধী দলে ৰকিবুল হুছেইনক লৈ বিভিন্ন ৰাজনৈতিক ইচ্ছু ঠিয় কৰোৱাৰ সময়টো ৰকিবুলে কন্দা নাছিল ৷ ব্যক্তিগত ভাবে বিভিন্ন দূৰ্ণীতিৰ বিষয়ৰ অভিযোগ উস্হাপনৰ সময়টো ৰকিবুলে কন্দা নাছিল ৷ কিন্তু আজি ৰকিবুলক কন্দুৱালে ৷

তাকো ৰকিবুলে কান্দিব লগা হ'ল নিজে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধান সভা সমষ্টিত৷ অসমৰ ৰাজনীতিত হাৰ মানিব নিবিচৰা দীৰ্ঘ কালৰ ক্ষমতাশালী প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে পুৱা ভাগত চামগুৰিৰ বিলপাৰত উপস্হিত হৈ আবেগিক হৈ কান্দিলে৷ কাৰণ তেওঁৰ দিনতে উক্ত স্হানত নিৰ্মিত হৈছিল জে চি বি য়ে ভাঙি পেলোৱা শৰাই , বৰতাল , খোল , পেপা আদি ৷ নিৰ্মিত হৈছিল সৰুকৈ ৰংঘৰ আদি ৷ দ খাৱৈ পুতি দুৰ্ঘটনা ৰোধ কৰিবলৈ উক্ত স্হানত এখনি উদ্যান নিৰ্মান কৰা হৈছিল ৷ ইয়াতে শংকৰী সংস্কৃতিৰ অন্যবদ্য সৃষ্টি ৰাজিৰ লগতে অসমীয়া সংস্কৃতিৰ বিভিন্ন সামগ্ৰী শিল্পীৰ হাতত প্ৰাণ পাইছিল ৷

শিল্পী হৰজিৎ সিঙে প্ৰাণ ঢ়ালি নিৰ্মাণ কৰিছিল এটিৰ পিছত এটিকৈ জাতীয় স্বভিমানক ৷ আন্ধাৰটো জিলিকিছিল প্ৰতিটো শিল্প ৷ ৩৭ নং ঘাই পথেৰে যাতায়ত কৰা লোকে নয়ন ভৰি সৌন্দৰ্য উপভোগ কৰিছিল ৷ পথ বহলোৱাৰ নামত জেচিবি লগাই তচনচ কৰি দিয়া হল সকলো ৷ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া লগাত দৌৰি আহিব লগা হল মন্ত্ৰী পিয়ুয হাজৰিকা ৷ ৰাইজক পুনৰ সম্পদ সমূহ নিৰ্মানৰ আশ্বাস দিলে ৷ ৰাইজ আশ্বত্ব হল ৷ পৰিস্হিতি শাম কাতিলে ৷ পথৰ কাষত পৰি ৰোৱা শৰাই , জাপি আদি ৰাইজে আতৰাই নিবলৈ দিলে ৷

কিন্তু ঘটনাস্হলিত উপস্হিত হৈ ৰকিবুল হুছেইন ৰব নোৱাৰিলে! পথৰ কাষত পৰি ৰোৱা সম্পদসমূহ অৱস্হা দেখি কান্দি উঠিল ৷ গামোচাৰে চকুলো টুকিলে ৷ কিয়নো চামগুৰিত কৰা কামৰ এক নিৰ্দশন আছিল এই স্হান খিনি ৷ গৰ্ব কৰাৰ স্হল আছিল এই কৰ্মৰাজীক লৈ ৷ যি আজি হৈ পৰিল অতীত ৷ হয়টো ১কোটি ১৫ লাখ টকাৰে পুনৰ শংকৰী সংস্কৃতিৰ স্বভিমান চামগুৰিৰ বিলপাৰত উদ্ভাষিত হব ৷ কিন্তু তাত কিমান স্বীকৃতি থাকিব ৰকিবুলৰ চিন্তা আৰু কৰ্মৰ ই এক প্ৰশ্নৰ বিষয় হিচাপে চিহ্নিত হৈছ ৰ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in