এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ সম্পত্তি জব্দ, প্ৰয়াত মাতৃৰ শদেহৰ সৎকাৰত ভাগ লোৱাৰ সুবিধা আদালতৰ…

এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ সম্পত্তি জব্দ, প্ৰয়াত মাতৃৰ শদেহৰ সৎকাৰত ভাগ লোৱাৰ সুবিধা আদালতৰ…

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অন্তত এপিএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ গুৱাহাটীস্থিত প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তি এনফ'ৰ্ছমেন্ট ডায়ৰেক্টৰেতে মঙলবাৰে জব্দ কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা অনুসন্ধানৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোৱে গুৱাহাটীত মঙলবাৰে এই সম্পত্তিসমূহ জব্দ কৰ জাননী জাৰি কৰে।

জানিব পৰা মতে এই সম্পত্তিসমূহৰ ভিতৰত আছে ভাঙাগড়ত এডোখৰ ব্যৱসায়িক মাটি, শক্তিগড় পথত থকা দুটা বাসভৱনৰ লগতে আন চাৰিটা সম্পত্তি।ইডিৰ সূত্ৰেই জানিবলৈ দিয়া মতে, উক্ত সম্পত্তিসমূহৰ মূল্য প্ৰায় ১ কোটি ৩০ লাখ টকা। ইয়াৰ উপৰি তেওঁৰ বাসভৱনৰ পৰা ১০ লাখ নগদ টকাও জব্দ কৰে।

তাৎপৰ্যপূৰ্ণ যে, সোমবাৰে নেমকেয়াৰ হাস্পতালত ৰাকেশ পালৰ মাতৃৰ মৃত্যু হৈছিল। বৰপুত্ৰ কাৰাগাৰত থকা বাবেই মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া বন্ধ ৰাখি বিশেষ আদালতত ৰাকেশ পালক ইয়াত অংশ লোৱাৰা সুবিধা দিবৰ বাবে ৪৫ দিনৰ পেৰলত মুক্তি বিচাৰি এক আৱেদন জনোৱা হয়।

কিন্তু আদালতে ৪৫ দিনৰ বাবে পেৰলৰ মুক্তি নামঞ্জুৰ কৰিলেও মঙলবাৰৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত বৰপুত্ৰ হিচাপে ভাগ লোৱাৰ সুযোগ প্ৰদান কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীত এয়া সম্পাদন কৰিবলৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক এক নিৰ্দেশনা প্ৰদান কৰে। আনহাতে, কাৰাগাৰতে পৰৱৰ্তী পৰম্পৰাগত শ্ৰাদ্ধাদিৰ ব্যৱস্থা সম্পাদন কৰিব পৰাকৈ সুকীয়া স্থান উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও বিশেষ আদলতে কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষকক নিৰ্দেশ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in