ৰাজ্যসভাৰ কাম-কাজ বুধবাৰলৈ স্থগিত, বিধেয়কৰ সন্দৰ্ভত চন্দ্ৰবাবু নাইডুৰ স্থিতি স্পষ্ট…

ৰাজ্যসভাৰ কাম-কাজ বুধবাৰলৈ স্থগিত, বিধেয়কৰ সন্দৰ্ভত চন্দ্ৰবাবু নাইডুৰ স্থিতি স্পষ্ট…
  • বুধবাৰে দিনৰ ১১ বজালৈ স্থগিত ৰাজ্যসভাৰ কাৰ্যসূচী।
  • মঙলবাৰে উত্থাপন নহ'ল নাগৰিকত্ব সংশোধী বিধেয়ক।
  • সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে মঙলবাৰৰ দিনৰ ২ বজালৈ স্থগিত ৰখা হৈছিল ৰাজ্যসভাৰ কাম-কাজ।
  • উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে স্থগিত ৰাখিছিল সদনৰ কাম-কাজ।
  • আনহাতে, দিনৰ ২ বজাত ৰাষ্ট্ৰপতিৰ ধন্যবাদ সূচক ভাষণক লৈ আলোচনা হোৱাৰ কথা আছিল যদিও, সেই বিষয়ত নহ'ল কোনো আলোচনা।
  • ইয়াৰ পৰিৱৰ্তে বুধবাৰে দিনৰ ১১ বজাৰ পৰাহে পুনৰ আৰম্ভ হ'ব ৰাজ্যসভাৰ কাৰ্যসূচী।
  • ইতিমধ্যে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাৰ সময় বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজয় গোৱেলে।
  • ২-৩ দিনলৈ ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা বৃদ্ধি কৰাৰ সম্ভাৱনা।
  • সংসদ ভৱনৰ বাহিৰত বিধেয়কখনৰ বিৰোধিতাৰে বাহৰ পাতি আছে অসমৰ জাতীয় দল-সংগঠনৰ নেতৃত্ব।
  • সংবাদমাধ্যমৰ সমুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছে তেলেগু দেশম পাৰ্টীৰ নেতা চন্দ্ৰবাবু নাইডুৱে।
  • দিল্লীত অখিল গগৈক লগ ধৰি বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে নেতাগৰাকীয়ে।
  • আনহাতে, বি জে ডি অস্পষ্ট স্থিতিৰ বিষয়ে নবীন পাটনায়াকক সাক্ষাতৰ আশ্বাস দিয়ে চন্দ্ৰবাবু নাইডুৱে।
  • উল্লেখ্য যে, বি জে ডিৰ ৰাজ্যসভাত ৯গৰাকী সাংসদ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in