আজি ৰাজ্যসভাত জাতিধ্বংসী বিধেয়ক, ৰহস্যজনক ছুটীত ৪ বিৰোধী সাংসদ

আজি ৰাজ্যসভাত জাতিধ্বংসী বিধেয়ক, ৰহস্যজনক ছুটীত ৪ বিৰোধী সাংসদ
  • আজি ৰাজ্যসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • দুপৰীয়া ১২ বজাত গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব বিধেয়কখন।
  • উত্থাপনৰ পিছত হ'ব বিধেয়কখনক লৈ হ'ব আলোচনা।
  • তাৰ পিছতে ভোটৰ বাবে আগবঢ়োৱা হ'ব সংসদত।
  • ইতিমধ্যে লোকসভাত গৃহীত হৈছে বিধেয়কখন।
  • বিধেয়ক বাতিলৰ দাবীত উত্তৰ–পূবত অব্যাহত আছে ব্যাপক প্ৰতিবাদ।
  • বিধেয়কখনৰ বিৰোধিতা উত্তৰ–পূবৰ দল–সংগঠনসমূহৰ।
  • ইতিমধ্যে কেইবাটাও জাতীয় সংগঠন নেতৃত্বই দেশৰ বিৰোধী নেতাসকলক লগ ধৰি বিধেয়ক বিৰোধিতাৰ বাবে জনাইছে আহ্বান।
  • অসম আৰু উত্তৰ–পূববাসীৰ প্ৰতিবাদক আওকাণ কেন্দ্ৰৰ।
  • আজি সংসদত উপস্থিত নাথাকে ৪ অ-বিজেপি সাংসদ।
  • বিশেষ কাৰণত ছুটীৰ আবেদন কৰিছিল ৪গৰাকী সাংসদে।
  • ইতিমধ্যে ছুটীৰ অনুমোদনো পাইছে সাংসদকেইজনে।
  • যদি সাংসদকেইগৰাকী বিধেয়কবিৰোধী পক্ষৰ হয় তেন্তে ভোটত বিজেপি জয়ী হোৱাৰ সম্ভাৱনাই অধিক।
  • বিজেপি জয়ী হ'লেই গৃহীত হ'ব জাতিধ্বংসী বিধেয়কখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in