১৬ ফেব্ৰুৱাৰীলৈ বৃদ্ধি পাব পাৰে ৰাজ্যসভাৰ কাৰ্য-ক্ৰমণিকা! সদনতে ঘোষণা গোৱেলৰ…

১৬ ফেব্ৰুৱাৰীলৈ বৃদ্ধি পাব পাৰে ৰাজ্যসভাৰ কাৰ্য-ক্ৰমণিকা! সদনতে ঘোষণা গোৱেলৰ…

ডিজিটেল সংবাদ, নতুন দিল্লীঃ বিৰোধীৰ প্ৰতিবাদত ৰাজ্যসভাৰ কাৰ্য-ক্ৰমণিকা মঙলবাৰে ২ বজা পৰ্যন্ত পিচুৱাই দিব লগা হোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক আজি উত্থাপন কৰাৰ সুযোগো নোহোৱা হৈছে। কিয়নো এই অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰাতো বাধ্যতামূলক। সেয়ে দিনৰ ২ বজাৰ পৰা পুনৰ অনুষ্ঠিত হ'ব লগা বৈঠকত যিকোনো প্ৰকাৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰোৱাৰ বাবে বিৰোধীক সৈমান কৰাবলৈ চৰকাৰ পক্ষ আলোচনাতো বহিছে।

ইফালে, সদন স্থগিত হোৱাৰ পূৰ্বেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজয় গোৱেলে এই কথা ঘোষণা কৰে যে- প্ৰয়োজন হ'লে দুদিন বা তিনি দিনৰ বাবে ৰাজ্যসভাৰ সময় বৃদ্ধি কৰা হ'ব। কিন্তু এনে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সংসদীয় পৰিক্ৰমাৰ সাংবিধানিক বিধি-ব্যৱস্থাৰ মতে, সদনৰ কাৰ্য-ক্ৰমণিকা পৰামৰ্শদাতা সমিতিৰ (বিজনেজ এডভাইছ'ৰী কমিটী) অনুমোদন লোৱাটো সাংবিধানিক পৰম্পৰা যদিও, যোৱা লোকসভা ক্ষেত্ৰতেই কাৰ্য-ক্ৰমণিকাত নথকা সত্তেও নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল। সেয়ে সদনৰ কাৰ্য-কাল বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰামৰ্শদাতা সমিতিৰ অনুমোদন লোৱা হ'ব নে নাই, অথবা বিজেপি দলে এনে পৰম্পৰা মানি চলিব নে নাই সেয়া বিশ্বাসযোগ্য নহয়।

শাসক দলটোৰ লক্ষ্য হ'ল- যদিহে বিৰোধীৰ হুলস্থূলত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা সদনত গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰ পক্ষ পুনৰ ব্যৰ্থও হয়, তথাপি তিনিদিন সময় বৃদ্ধি কৰি হ'লেও যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু অনুমোদন নিশ্চিত কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হৈ উঠিছে। এয়া গণতান্ত্ৰিক পৰম্পৰা তথা সাংবিধানিক বিধি-ব্যৱস্থাৰ ওপৰত দেখ দেখকৈ পূৰ্ণ আক্ৰমণ বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in