পুঁজিপতিৰ চান্দাৰে নহয়, ৰাইজৰ দান বৰঙনিৰে চলিব AJP…

পুঁজিপতিৰ চান্দাৰে নহয়, ৰাইজৰ দান বৰঙনিৰে চলিব AJP…

ডিজিটেল সংবাদ,বোকাজানঃ "সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাজনৈতিক দল গঠন হোৱা প্ৰক্ৰিয়াই গঁজালি মেলিছেহে, এতিয়াই যথেষ্ট প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এটা কথা স্পষ্ট যে কাৰোবাৰ হৃদয়ত খোচ মৰাৰ বাবেহে এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ বিশ্বাস ৰাইজে এজেপিক আঁকোৱালি লব।" এই মন্তব্য নৱগঠিত অসম জাতীয় পৰিষদৰ আহ্বায়ক ৰাজু ফুকনৰ।

অসম জাতীয় পৰিষদৰ আহ্বায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে সাম্ভাব্য সমষ্টি সৰুপথাৰ অভিমুখে অহাৰ সময়তে আজি পুৱা বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা, বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰাক্তন সতীৰ্থগৰাকীক বিদায় সম্ভাষণ জনোৱাৰ লগতে আগন্তুক ৰাজনৈতিক পৰিক্ৰমাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে গামোচা, চেলেং, সঁফুৰা, কাৰ্বি পহ', জেকেট আদিৰে উষ্ম বিদায় সম্ভাষণ জনাই।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এজেপিৰ আহ্বায়ক ৰাজু ফুকনে মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থাত ২৭ টা দীঘলীয়া বৰ্ষৰ অভিজ্ঞতা তথা জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি দায়বদ্ধ হ'বলৈ শিকোৱা ছাত্ৰ সন্থাৰ শিক্ষা অক্ষুণ্ণ ৰাখি সেই শিক্ষাৰে শিক্ষা গ্ৰহণ কৰি ভবিষ্যত দিনৰ ৰাজনৈতিক পথাৰখনত কাম কৰি যাবলৈ প্ৰচেষ্টা হাতত লোৱাৰ কথা কয়। এক প্ৰত্যাহ্বানৰ সময়ত অসমৰ ৰাইজ, খিলঞ্জীয়া সত্বাই বিচৰা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন তথা চিন্তাক আগবঢ়াই নিবলৈ অসম জাতীয় পৰিষদক অসমৰ ৰাইজে আকোৱালি লোৱাৰ আশা ব্যক্তি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভতে জন্মগ্ৰহণ কৰা এটা দলক ভবিষ্যতৰ দিনত নিজৰ মাতৃৰ প্ৰতি, নিজৰ দেউতাকৰ প্ৰতি তেওঁলোকে এক অশ্ৰদ্ধাশীল মনোভাৱ আৰম্ভ কৰিলে বুলি কৈ অসম গণ পৰিষদক তীব্ৰ সমালোচনা কৰে।

বিজেপিক মিথ্যাচাৰী আখ্যা দি তেখেতে কয় যে বিজেপিয়ে ১৬ মে'ৰ পিছত তালি টোপোলা লৈ অসমৰ পৰা বাংলাদেশী যাব লাগিব বুলি কোৱাৰ পিছত অসমৰ ৰাইজে হিলদৌল ভাঙি ভোট দি শাসনৰ গাদীত তেওঁলোকক বহোৱাৰ পিছত কি হ'ল ৰাইজে দেখিলে। অসমৰ ৰাইজে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিলে, কিন্তু তেখেতেও ইউটাৰ্ণ মাৰিলে।

কংগ্ৰেছ হ'ল ভ্ৰষ্টাচাৰী দল, এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল, গতিকে এই দলসমূহক প্ৰত্যাহবান জনাবৰ বাবেই আঞ্চলিক দলসমূহ ঐক্যবদ্ধ হৈ অসম জাতীয় পৰিষদত সহযোগিতা কৰিবলৈ ফুকনে সংবাদমেলৰ যোগেদি আহ্বান জনাই। ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলংৰ আঞ্চলিক ৰাজনৈতিক দলৰ লগত আলোচনাৰ মাধ্যমেৰে প্ৰয্যায়ক্ৰমে ৰাজনৈতিক কথাবোৰ আগবঢ়াই নিয়াৰ লগতে অসম জাতীয় পৰিষদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্ভুক্তৰ সম্পূৰ্ণ বিষয়টো এক আলোচনাৰ মাধ্যমেৰে আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হৈ যোগাত্মক দিশেৰে আগবাঢ়ি যোৱাৰো ইংগিত দিয়ে আহ্বায়ক গৰাকীয়ে।

অসম জাতীয় পৰিষদৰ গঠন তথা দলীয় চান্দা সংগ্ৰহৰ বিষয়কলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহ্বায়ক গৰাকীয়ে কয় যে অসম জাতীয় পৰিষদ ৰাইজৰ দল গতিকে দলীয় পুঁজিৰ বাবে ৰাইজেই দান বৰঙণি আগবঢ়াব। বিজেপিৰ দৰে পুঁজিপতিৰ আঙুলিত নচলায় ৷তেখেতে এনেধৰণৰ বিভ্ৰান্তিকৰ তথা তুলুঙা মন্তব্য কৰি এজেপিৰ প্ৰতি থকা ৰাইজৰ মৰম, আশা, বিশ্বাসক ভাঙি দিব বিচাৰিছে, কিন্তু অসমীয়া ৰাইজ এইবাৰ ভাঙি নাজায়। এতিয়া অসমীয়া ৰাইজে তেখেতৰ কথাত গুৰুত্ব নিদি শক্তিশালী ৰূপত অসম জাতীয় পৰিষদৰ লগত থাকি আগবাঢ়ি যাব।

যিগৰাকী ব্যক্তিয়ে চান্দাৰ কথা কয় সেইজন ব্যক্তিয়ে চান্দা তুলিবলৈ গৈ পানবজাৰ থানাত কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল অসমৰ ৰাইজে জানে বুলি কোৱাৰ লগতে ২০২১ ত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালই থাকিব বুলি বিজেপিৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে কোৱাৰ পিছত তেখেতৰ মুখৰ ৰূপ বদলি হৈ গৈছে। তেখেতৰ আশা তথা সপোন আছিল এক নম্বৰৰ জাৰ্চি পিন্ধি প্ৰথম চকীখনত বহিব। কিন্তু এতিয়া তেখেতে কি ভূমিকা পালন কৰে সেয়া লক্ষনীয় হব।

কাৰণ বিজেপিৰ পক্ষত যদি তেখেতে কথা নকয়, ৰাম মাধৱে কোৱাৰ দৰে যদি তেখেতে কাম নকৰে, তেতিয়া লুই বাৰ্জাৰ, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটিৰ কেলেংকাৰী আদি ওলাব। গতিকে তাৰেই ভয়ত নিৰ্বাচনৰ পূৰ্বে তেখেতে এটা নাচ নাচিছিল আৰু এইবাৰ তেখেতেক দিল্লী, নাগপুৰৰ পৰা চাবিটো পকাই সেই নাচ নচোৱাব ৰাম মাধৱে বুলি কয় ফুকনে। ৰাষ্ট্ৰীয় দলসমূহত থকা অসমীয়া আই মাতৃক ভাল পোৱা খিলঞ্জীয়া অসমীয়াই এজেপিৰ লগত যোগাযোগ কৰিছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য দি ফুকনে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনক বিশ্বাসঘাতক আৰু প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজ বুলি আখ্যা দি কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসমীয়া জাতিটোৰ প্ৰতি, আই মাতৃৰ প্ৰতি প্ৰতাৰণা আৰু অৱহেলা কৰাৰ বাবে এইখন যুঁজ, গতিকে সন্মুখত কোন থাকিব সেইটো ডাঙৰ কথা নহয়।

জাতিটোক বচাবৰ বাবে ৰাইজে আমাক আগবঢ়াই দিছে, আমাৰ দায়িত্ব আছে গতিকে ৰিক্স লৈছো। আনহাতে ডº সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাজনীতিৰ পথাৰলৈ অহাৰ আলোচনাৰ বিষয়ে জানিবলৈ দি তেখেতে কয় যে ৰাজনৈতিক বৃত্তৰ ভিতৰত প্ৰবেশ নকৰাৰ তেখেতৰ স্থিৰ নীতিক পুনৰ বিবেচনা কৰি ভট্টাচাৰ্যই বেলেগ এটা পন্থাৰে ভবিষ্যত দিনত অসমীয়া জাতিটোৰ হৈ নেতৃত্ব প্ৰদান কৰি জাতিটোক সেৱা কৰিবলৈ ফুকনে আহ্বান জনোৱাৰ লগতে অসমীয়া ৰাইজে তেখেতৰ সিদ্ধান্তলৈ আশাৰে বাট চাই আছে বুলিও মন্তব্য কৰে। "ঘৰে ঘৰে আমি" শ্ল'গানেৰে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ কাষত থাকি অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক উত্তৰণৰ বাবে সামগ্ৰিকভাবে কাম কৰি যোৱাৰ লক্ষ্যৰে আগবাঢ়ি অহা বুলিও মত ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ আহ্বায়ক গৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in