নতুন ৰবটেৰে ‘বাহুবলী’ক পিছ পেলাবলৈ সাজু ৰজনীকান্ত

নতুন ৰবটেৰে ‘বাহুবলী’ক পিছ পেলাবলৈ সাজু ৰজনীকান্ত

ডিজিটেল ডেস্কঃ হলীউডকো পিছ পেলাই অচিৰেই ছবিঘৰলৈ আহিব' দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ 'ৰবট ২.০'। যোৱা দুবছৰ ধৰি চৰ্চাত থকা ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু অক্ষয় কুমাৰে কৰিছে দুৰ্দান্ত অভিনয়।

হলীউডতকৈও অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ হোৱা ছবিখনত কেৱল ভি এফ এক্সতে খৰছ কৰা হৈছে ৭৫ মিলিয়ন ডলাৰ। বৃহস্পতিবাৰে বহু অপেক্ষিত ছবিখনৰ ১.৫ মিনিট জোৰা ট্ৰেইলাৰ মুক্তি দিয়া হয়।

কিছুদিনৰ পৰা ছবিখনৰ পষ্টাৰ ছচিয়েল মিডিয়াত আপলোড কৰি আহিছে অভিনেতা অক্ষয় কুমাৰে। এক টুইটৰ জৰিয়তে অভিনেতাজনে জনায় যে 'ছবিখনত ৩০০০ হাজাৰৰো অধিক কাৰিকৰী বিশেষজ্ঞই কাম কৰিছে। লগতে এখন হলীউডৰ ছবিত ব্যৱহাৰ কৰা কাৰিকৰী কৌশলতকৈ অত্যাধুনিক কৌশল অৱলম্বন কৰা হৈছে বুলি জনায় অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, বাহুবলীকো অতিক্ৰম কৰা শংকৰ পৰিচালিত এই ছবিখনৰ বাজেট হৈছে ৫৫০ কোটি। দেশৰ সবাতোকৈ ব্যয়বহুল ছবিখনত অভিনয়ৰ বাবদ অক্ষয় কুমাৰৰ মাননি ৪৫ কোটি টকা। ছবিখনত অসমৰ সু-সন্তান তথা অভিনয়ৰে আন্তৰ্জাতিক ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰিবলৈ সমৰ্থ হোৱা আদিল হুছেইনেও এটি চৰিত্ৰ ৰূপায়ণ কৰিছে।

খবৰ অনুসৰি এই ছবিখনৰ এটা বিশেষ দৃশ্যৰ দৃশ্যগ্ৰহণত খৰছ কৰা হৈছে ২০ কোটি টকা। দেশ-বিদেশৰ কোটি কোটি অনুৰাগীয়ে অপেক্ষা কৰি থকা এই ছবিখনৰ মুক্তিৰ দিন ঠিক হোৱা নাই যদিও ইয়াৰ সৈতে জড়িতসকলে দাবী কৰিছে যে এই ছবিখন উপভোগ কৰাৰ পাছত দৰ্শকে 'বাহুবলী'ৰ সোৱাদো পাহৰি পেলাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in