মোক বচাওক! গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ বিজেপি নেতা মুকুল ৰায়ৰ চিঠি…

মোক বচাওক! গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ বিজেপি নেতা মুকুল ৰায়ৰ চিঠি…

ডিজিটেল ডেস্কঃ দিল্লীত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাজ্যিক বিজেপিৰ নিৰ্বাচন কমিটিৰ আহ্বায়ক মুকুল ৰায়ে সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এখন চিঠিও দিয়ে মুকুল ৰায়ে। চিঠিখনত মুকুল ৰায়ে লিখে যে, তেওঁ নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে। তেওঁ যাতে পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চিঠিখন লিখে মুকুল ৰায়ে। ৰাজ্যত সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিত যাতে কোনো লোকে তেওঁৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা বিচাৰে মুকুল ৰায়ে। শীঘ্ৰে অধিক সুৰক্ষা প্ৰদানৰ অনুৰোধ জনায় চিঠিৰ জৰিয়তে মুকুল ৰায়ে।

উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰীত নদিয়াৰ কৃষ্ণগঞ্জৰ তৃণমূল কংগ্ৰেছ বিধায়ক সত্যজিত বিশ্বাসক সৰস্বতী পূজাৰ দিনটোত গুলীয়াই হত্যা কৰা হয়। তাৰপাছত মুকুল ৰায়ৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত স্থানীয় আৰক্ষী চকীত এক এজাহাৰো দাখিল কৰা হয়। মুকুল ৰায়ে মঙলবাৰে কলকাতা উচ্চ ন্যায়ালয়ত জানিমৰ বাবে আৱেদন জনায়। ইফালে, বৃহস্পতিবাৰে এই জামিন সন্দৰ্ভত শুনানি গ্ৰহণৰ সম্ভাৱনা আছে।

মুকুল ৰায়ৰ অধিবক্তা শুভাশিষ দাচগুপ্তই কয় যে- 'উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে ১৬-১৭ ৰো অধিক কেচ চলি আছে। কিন্তু বৰ্তমানলৈ কোনো অভিযোগ প্ৰমাণ হোৱা নাই। বিধায়কগৰাকীৰ হত্যাকাণ্ডৰ মিছা অভিযোগ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা হৈছে। সেয়েহে তেওঁ জামিনৰ বাবে আৱেদন জনাইছে।' জানিব পৰা মতে, এই ঘটনাৰ পাছতেই আৰক্ষীয়ে মালদা, কোচবিহাৰ সহ বহু কেইখন জিলাত বিধায়কসকলৰ সুৰক্ষা অধিক কৰাৰ ক্ষেত্ৰত এক বৈঠক অনুষ্ঠিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in