ৰাজীৱ গান্ধীৰ হত্যাৰে জড়িত অপৰাধীক মুকলি কৰি দিবলৈ অসন্মত কেন্দ্ৰ

ৰাজীৱ গান্ধীৰ হত্যাৰে জড়িত অপৰাধীক মুকলি কৰি দিবলৈ অসন্মত কেন্দ্ৰ

ডিজিটেল  ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰে জড়িত ৭জন কাৰাবন্দীক মুকলি কৰি দিবলৈ অসন্মত হৈছে কেন্দ্ৰ চৰকাৰ।

তামিলনাডু চৰকাৰে এই সন্দৰ্ভত প্ৰেৰণ কৰা প্ৰস্তাৱ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ক এই কথা জনাইছে কেন্দ্ৰই।

কেন্দ্ৰীয় চৰকাৰে জনায় যে, এনে এক অপৰাধৰ সৈতে জড়িত অপৰাধীক মুকলি কৰি দিব পৰা নাযাব। আইনে এনে সিদ্ধান্ত ল'বলৈ অনুমতি নিদিয়ে বুলি উল্লেখ কৰি তামিলনাডু চৰকাৰৰ প্ৰস্তাৱক নুই কৰিলে কেন্দ্ৰীয় চৰকাৰে।

ৰাজীৱ গান্ধীৰ হত্যাৰ সৈতে জড়িত অপৰাধী কেইজনক মুকলি কৰি দিবলৈ তামিলনাডু চৰকাৰে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

সেই প্ৰস্তাৱ প্ৰেৰণ কৰিছিল কেন্দ্ৰলৈ। উচ্চতম ন্যায়ালয় পাইছিলগৈ এই বিষয়টো। এখন খণ্ড বিচাৰপীঠে এই কথা জনাইছিল যে, কেন্দ্ৰৰ সহমতৰ অবিহনে অপৰাধীক মুকলি কৰি দিব পৰা নাযাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in