কেৰালাত অকাল মৃত্যুক সাৱটি লোৱা ৰাজীৱ দলেৰ মৃতদেহ অনা হ’ল ঢকুৱাখনাৰ স্বগৃহলৈ…

কেৰালাত অকাল মৃত্যুক সাৱটি লোৱা ৰাজীৱ দলেৰ মৃতদেহ অনা হ’ল ঢকুৱাখনাৰ স্বগৃহলৈ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: কৰ্মসংস্থাপনৰ আশা বুকুত বান্ধি বৰ্হি ৰাজ্য চেন্নাইৰ কেৰালালৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা পঞ্চায়তৰ মাজ ইন্দুৰ গাঁৱৰ দিলীপ দলে (নবীন)ৰ পুত্ৰ ৰাজীৱ দলেৰ নিথৰ দেহ মঙলবাৰে স্বগৃহলৈ অনা হয়। ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু আৰু মিচিং জাতীয় সংগঠনৰ বিশেষ তৎপৰতাত কেৰালাৰ পৰা যুৱকজনৰ মৃতদেহ বিমান যোগে ডিব্ৰুগড়লৈ অনাৰ পাছত বিয়লি স্বগৃহত উপস্থিত হয়।

উল্লেখ্য যে, জীৱন জীৱিকাৰ সন্ধানত কেৰালাৰ কট্টয়া জিলাৰ থিৰুৱান্টাপু গাঁওৰ বিজয়া কুমাৰণ নায়াৰৰ পুত্ৰ দীপা ভি নায়াৰৰ এখন ফাৰ্মত অস্থায়ী শ্ৰমিক হিচাবে যোৱা দুবছৰ ধৰি নিযুক্ত হৈ আছিল মৃত যুৱকজন। সৰল মনা ৰাজীবে ফাৰ্মখনৰ স্বত্বাধিকাৰী দীপা নায়াৰৰ "দীপা নিবাস"ত আশ্ৰয় লৈ থকাৰ সময়তে যোৱা ২৪ অক্টোবৰৰ পুৱা চিপজৰী লৈ মৃত অৱস্থাত উদ্ধাৰ হয়। স্বাভাৱিক ভাবেই ঘৰৰ আত্মীয়ৰ সৈতে বাৰ্তালাপ কৰি নিশাটোৰ ভিতৰতে আত্মহনন কৰা কাৰ্য আজিও মানি ল'ব পৰা নাই পিতৃ দিলীপ (নবীন) দলেৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যই। 

বিগত ৬ টা মাহ ধৰি কামৰ পৰিশ্ৰমিক লাভ নকৰি তীব্ৰ আৰ্থিক সংকটত ভোগা বুলি মৃত্যৰ আগমুহূৰ্তত পৰিয়ালক জানিবলৈ দি প্ৰাপ্য নিদিয়াৰ বাবে পামখনৰ স্বত্বাধিকাৰীৰ সৈতে বাক বিতণ্ডা হোৱা বুলিও ঘৰত জানিবলৈ দিয়া ৰাজীৱৰ অকাল মৃত্যুৰ আঁৰত এই পামখনৰ মালিক পক্ষ জড়িত থকা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত আত্মীয়ই ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল মালিক পক্ষৰ বিৰুদ্ধে। এগৰাকী  কৰ্মঠ যুৱকৰ অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটো শোকাচন্ন কৰি ৰখাৰ সময়তে মঙলবাৰে যুৱকজনৰ নিথৰ দেহ স্বগৃহত উপস্থিত হোৱাত এক শোকাকূল পৰিবেশৰ সৃষ্টি হয়। পাছত পৰম্পৰাগত পদ্ধতিৰে অন্তিম সৎকাৰ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in