ভূতনাথত পঞ্চভূতত বিলীন মালিগাওঁ-পাণ্ডু নামঘৰৰ প্ৰতিস্থাতা ৰাজেন্দ্ৰ নাথ তালুকদাৰ…

ভূতনাথত পঞ্চভূতত বিলীন মালিগাওঁ-পাণ্ডু নামঘৰৰ প্ৰতিস্থাতা ৰাজেন্দ্ৰ নাথ তালুকদাৰ…

ডিজিটেল ডেস্কঃ ভূতনাথ শ্মশানত সোমবাৰে পুৱা পঞ্চভূতত বিলীন হ'ল শংকৰী সংস্কৃতিৰ অন্যতম সাধক, মালিগাওঁ ৰে'লৰ চাটলগেট কোঅপাৰেটিভ তথা পাণ্ডু-মালিগাওঁ নামঘৰৰ প্ৰতিস্থাপক ৰাজেন্দ্ৰ নাথ তালুকদাৰৰ নশ্বৰ দেহ। যোৱা নিশা ৮:৪৫ বজাত এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হোৱা ৯০ৰ উৰ্ধৰ অৱসৰপ্ৰাপ্ত ৰে'ল বিষয়া তথা জনপ্ৰিয় সমাজকৰ্মী গৰাকীৰ মৃত্যুদেহ পুৱা প্ৰথমে তেওঁৰ মালিগাওঁ ফ্লাইঅভাৰ সমীপৰ পাণ্ডৱনগৰৰ বাসভৱনলৈ অনা হয়। নিশাৰে পৰা আত্মীয় আৰু শুভাকাংশীৰে ভৰি থকা বাসভৱন চৌহদত প্ৰয়াত ৰাজেন্দ্ৰ নাথ তালুকদাৰক কঢ়িয়াই অনা স্বৰ্গৰথ খনে প্ৰৱেশ কৰাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ সদস্যৰ তদাৰকত প্ৰয়াত তালুকদাৰৰ শৱদেহ ৰে'লৱেৰ চাটলগেট কোঅপাৰেটিভ চৌহদলৈ নিয়া হয়। দুই পুত্ৰ ডা০ ৰমেন তালুকদাৰ আৰু প্ৰদীপ তালুকদাৰৰ লগতে বৃহৎ সংখ্যক চিকিৎসক আৰু শুভাকাংশী আত্মীয় সহিতে প্ৰয়াত তালুকদাৰক কঢ়িয়াই স্বৰ্গৰথ সমৱায় খনৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে তাত সমবেত হৈ থকা উত্তৰ-পূৱ ৰে'লৱেৰ বিষয়া কৰ্মচাৰীৰ সহিতে চাটলগেট কোঅপাৰেটিভৰ কৰ্মকৰ্তা সকলে তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পৰৱৰ্তী সময়ত তেওঁৰ শৱদেহ মালিগাওঁ নামঘৰ আৰু পাণ্ডৱ নগৰ নামঘৰলৈ নিয়া হয়। ইয়াতো অসংখ্য গুণমুগ্ধই নামঘৰৰ প্ৰতিস্থাপক গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে হৰিনাম ধ্বনিৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়। শেষত দুপৰীয়া প্ৰায় ১ বজাত ভূতনাথ শ্মশানত চিকিৎসক, প্ৰশাসনীয় বিষয়া, দল সংগঠনৰ লগতে কেইবা শ লোকৰ উপস্থিতিত তেওঁৰ অন্ত্যেষ্টীক্ৰিয়া সম্পন্ন হয়।মৃতদেহৰ মুখাগ্নি কৰে দুইপুত্ৰ ৰমেন তালুকদাৰ আৰু প্ৰদীপ তালুকদাৰে।উপস্থিত লোক সকলৰ ভিতৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী গোস্বামী, ড০ সমুজ্জল ভট্টাচাৰ্য, ড০ যোগেশ শৰ্মা, চিকিৎসক বসন্ত হাজৰিকা আদি লোক উপস্থিত আছিল।

উল্লেখযোগ্য যে, ৰাজেন্দ্ৰ নাথ তালুকদাৰে মৃত্যুৰ সময়ত পত্নী বিৰজাৱালা তালুকদাৰ দুই পুত্ৰ ক্ৰমে ডা০ ৰমেন তালুকদাৰ, প্ৰদীপ তালুকদাৰ আৰু কণ্যা বন্দনা পাঠকৰ উপৰিও বহু আত্মীয়ক এৰি থৈ গৈছে।ইয়াৰে ডা০ ৰমেন তালুকদাৰে জিএমচিএইচত অধীক্ষক ৰুপে কৰ্মৰত হৈ থকাৰ সময়ত চিকিৎসালয়খনৰ আন্তঃগাঁথনি আৰু পৰিকাঠামোৰ আমূল পৰিৱৰ্তনৰ লগতে দুখীয়া ৰোগীক সহায় কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ অধ্যাপকৰূপে বদলি কৰাৰ পিছত পিতৃৰ অসুস্থতাৰ মাজতে তেওঁক পুনৰ পদোন্নতিসহ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষক ৰূপে বদলি কৰা হয়। সেই মৰ্মে তেওঁ ডিচেম্বৰৰ শেষ সপ্তাহত কামত যোগদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in