নাটকীয়পট পৰিৱৰ্তন! ন্যায়ালয়ত দোষমুক্ত গোঁহাই, নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনাও প্ৰকট…

নাটকীয়পট পৰিৱৰ্তন! ন্যায়ালয়ত দোষমুক্ত গোঁহাই, নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনাও প্ৰকট…
  • নাটকীয়ভাৱে পট পৰিৱৰ্তন ঘটিছে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক পৰিস্থিতিৰ।
  • নাৰী কেলেংকাৰীত অভিযুক্ত হোৱাৰ বাবেই প্ৰাৰ্থিত্বৰ দৌৰৰ পৰা নিজে আতৰি পত্নীক আগবঢ়াই দিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে।
  • কিন্তু বিজেপিয়ে পত্নীৰ প্ৰাৰ্থিত্ব অনুমোদন নজনাই বিবেচনা কৰিছিল বিধায়ক ৰূপক শৰ্মাৰ নাম।
  • এই সন্দৰ্ভত জানিব পাৰিয়েই দিল্লীৰ পৰা পত্নীক লৈ উভতি অহা ৰাজেন গোঁহাইৰ সমৰ্থনত নগাঁৱৰ বাসভৱনত সমবেত হৈছিল বৃহৎ সংখ্যক বিজেপি কৰ্মী।
  • সংবাদমাধ্যমৰ আগত বাসভৱনৰ পদূুলিত ৰাজেন গোহাঁয়ে কৈছিল- 'বিজেপিয়ে মোক বিশ্বাসঘাতকতা কৰিলে।'
  • 'পত্নীক টিকট দিম বুলি কৈওঁ নিদিলে।'
  • পত্নীয়েও চকুপানী টুকি আৱেগভৰা কণ্ঠৰে এয়া অন্যায় আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিণতি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।
  • লক্ষণীয়ভাৱে ইয়াৰ পাছতেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰা বিৰত হৈছিল।
  • সোমবাৰে হঠাৎ ন্যায়ালয়ত উপস্থিত হৈ গোহাঁইৰ বিৰুদ্ধে অভিযোগকাৰী পক্ষই দিয়া সাক্ষৰ ভিত্তিত ন্যায়ালয়ে তেওঁক দোষামুক্ত বুলি ৰায় দিয়ে।
  • আদালতৰ এই ৰায়ৰ পিছতে স্থবিৰ হৈ থকা সমষ্টিটোৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক চিন্তা-চৰ্চায়ো দিল্লীত ক্ষীপ্ৰ গতি লাভ কৰে।
  • ইয়াৰ পৰিপ্ৰেক্ষিততে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ঘনিষ্ঠ এক সূত্ৰই জানিবলৈ দিয়া মতে, অৱশেষত ন্যায়ালয়ৰ পৰা দোষামুক্ত হোৱা ৰাজেন গোহাঁয়ে লাভ কৰিব পাৰে প্ৰাৰ্থিত্ব।
  • তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে বিয়লি শাসক দলটোৱে আন এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে।
  • সম্ভৱত ৰাজেন গোহাঁই গোচৰ সন্দৰ্ভত আদালতৰ ৰায় কি হ'ব সেয়া লক্ষ্য কৰিয়েই বিয়লি ভাগলৈ তালিকা প্ৰকাশ কৰাৰ কথা কোৱা হৈছে।
  • কিয়নো আজিৰ ভিতৰতে নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব লাগিব সেয়াও নিশ্চিত।
  • কিয়নো মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ শেষ দিন।
  • সমগ্ৰ প্ৰক্ৰিয়াটোত বিজেপিৰ বিৰুদ্ধে বিশেষ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ লগতে সমষ্টিটোত ৰাজেন গোহাঁইৰ দীৰ্ঘদিনীয়া প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰই তেওঁক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা ক্ৰমাৎ স্পষ্ট হ'ব ধৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in