শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

সমাজসেৱক ৰাজেন আগৰৱালাৰ মৃত্যুত ধেমাজিৰ কেইবা ঠাইতো শোক সভা অনুষ্ঠিত…

165

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজিৰ ৰাজেন আগৰৱালাৰ নামৰ ৭৩ বছৰীয়া লোকজনে ধেমাজিত উচ্চ শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত ধেমাজি জিলা বাসীৰ বাবে কৰি যোৱা অভূতপূৰ্ব অৰিহনা বাবে ধেমাজিবাসীয়ে এই গৰাকী সমাজসেৱক ব্যক্তিক সদায় স্মৰণ কৰিব৷ ১৯ ৪৭ চনৰ ১৫ আগষ্টত ধেমাজি জিলা খনৰ মাছখোৱা ভিতৰোৱা অঞ্চলৰ যোৰকটা গাওঁত পিতৃ স্বৰ্গীয় ভগৱান দাস আগৰৱালা আৰু মাতৃ স্বৰ্গীয় ৰ্পূনিৰ দেৱী আগৰৱালাৰ ঔৰসত জন্ম গ্ৰহন কৰা ৰাজেন আগৰৱালাই ওৰেটো জীৱন এগৰাকী সমৰ্পিত সমাজসেৱক হিচাপেই জিলা খনৰ সকলোকৰ বাবেই প্ৰিয় ভাজন হৈ পৰিছিল৷

সমাজিক কাম-কাজৰ জৰিয়তে জিলাখনৰ সকলো জনগোষ্ঠীয় লোকৰ মাজতেই তেওঁ সন্বয়কৰ বাহক হৈ পৰিছিল৷ বৃহস্পতিবাৰে গুৱাহাটীৰ বেলতলাস্হিত পুত্ৰ প্ৰকাশ আগৰৱালাৰ গৃহত তেওঁৰ মৃত্যু হোৱা খৱৰে ধেমাজি বাসীৰ ৰাইজৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ আগৰৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰি শুকুবাৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গই বিয়লি ৩ বজাত ধেমাজি বিষ্ণু মন্দিৰত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা ৰ সভাপতিত্বত এখনি শোক সভা অনুষ্ঠিত কৰে৷

ধেমাজি উৎসৱ নামৰ এক সাংস্কৃতিক অনুষ্ঠানৰ সম্পাদক মুহি বৰগোহাঁইয়ে আঁত ধৰা শোক সভাখনত সমাজসেৱক ৰাজেন আগৰৱালাৰ মৃত্যুত উপস্থিত সকলোৱে শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই। তেওঁৰ কৰ্মৰাজিক সোঁৱৰণ কৰি বক্তব্য প্ৰদান কৰে অৰুনোদয় হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ঘন কোঁৱৰ , ধেমাজি বিদ্যালয় সমূহৰ পৰিৰ্দকৰ কাৰ্য্যালয়ৰ অৱসৰ প্ৰাপ্ত গাণনিক প্ৰভাত দিহিঙীয়া,বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ নাথ কোৱঁৰ ,অৱসৰ প্ৰাপ্ত একাউণ্ট অডিটৰ পদ্ম বৰ গোহাঁই , ধেমাজি ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা , সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য মন্টৰাজ বৰুৱা , ধেমাজি জিলা সাংবাদিক সংস্হাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয়া আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰন সম্পাদক বিষ্ণু শৰ্মাৰ লগতে বহু গৰাকী উপস্থিত ব্যক্তিয়ে৷

সমাজসেৱক আগৰৱালাই ধেমাজি জিলাৰ তেতিয়াৰ এক মাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বানিজ্য মহাবিদ্যালয় দুখনকে ধৰি অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ সমূহৰ বাবে কৰা ত্যাগ স্বীকাৰ কৰি তেখেতকৰ কাম কাজক সকলোৱে সলাগ লয়৷ সভাই তেখেতৰ আত্মাৰ সদগতি অৰ্থে অহা ১৩ নৱেম্বৰত এদিনীয়াকৈ ধেমাজি বিষ্ণু মন্দিৰত ৰাজহুৱা ভাবে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহন কৰে ৷ উক্ত আদ্যশ্ৰাদ্ধত তেখেতৰ স্মৃতিত এখনি স্মৃতি গ্ৰন্থৰ প্ৰকাশৰ বাবেও যো-জা ব্যৱস্থা কৰিছে৷

একেদৰে ধেমাজি চাৰি আলিস্হ ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ভৱনত সন্ধিয়া ৬ বজাত সমাজসেৱক গৰাকীৰ মৃত্যুত ধেমাজি মাৰোৱাৰী সন্মিলন,ধেমাজি যুৱ মন্চ ,ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ভৱন ্সমিতি ,ধেমাজি লায়ন্স ক্লাৱ আৰু ধেমাজি ব্যৱসায়ী সন্থাৰ উদ্যোগত এখনি শোক সভা অনুষ্ঠিত কৰে ৷ দুৰ্গা ৰাঠীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শোক সভাত সমাজ কৰ্মী ৰাজেন আগৰৱালাই ৰাজহুৱা জীৱনত কৰা কামকাজক স্বীকাৰ কৰি তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি অহা ১৩ নৱেম্বৰত তেওঁলোকে ও ৰাজহুৱা বাবে আদ্যশ্ৰাদ্ধৰ অনুষ্ঠিত কৰি তেখেতৰ স্মৃতিত এখনি স্মৃতি গ্ৰন্থৰ প্ৰকাশ কৰি উলিওৱা কথা অৱগত কৰে৷

সভাত ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা ধেমাজি লায়ন্স ক্লাৱৰ সভাপতি আটাউ ৰহমান,ধেমাজি ব্যৱসায় সন্থাৰ সাধাৰন সম্পাদক নৰেন কোৱঁৰ ,ৰাজেন জয়চোৱাল , ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা ,আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ভৱনৰ প্ৰাক্তন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক উমেশ খাণ্ডেলীয়াই বক্তব্য প্ৰদান কৰি ধেমাজি বাসীয়ে এজন প্ৰকৃত উদাৰ ভবাপূৰ্ণ সমাজসেৱকক হেৰুৱালে বুলি উল্লেখ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি