অসম তথা উত্তৰ-পূবৰ ৰে’লযাত্ৰীসকলৰ বাবে এটা ভাল খবৰ…

অসম তথা উত্তৰ-পূবৰ ৰে’লযাত্ৰীসকলৰ বাবে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ৰেলযাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা দিল্লী অথবা কলকতালৈ যাত্ৰাৰ বাবে যাত্ৰীসকলে গুৱাহাটীলৈ আহি ধৰিব নালাগে ৰেল। সপ্তাহত দুবাৰকৈ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ আৰু ডিব্ৰুগড়ৰ পৰা কলকতালৈ পোণপতীয়া সংযোগেৰে চলিব ৰেল। ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী, কলকতাত অভিমুখী ৰেলখন ধেমাজি, উত্তৰ লখিমপুৰ, হাৰমটী, বিশ্বনাথ চাৰিআলি, ৰঙাপাৰা, ওদালগুৰি, টংলা আদি সকলো ষ্টেচনত সংযোগী ৰেলপথেৰে চলিব।

প্ৰাপ্ত খবৰুনসৰি প্ৰত্যেক সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে পুৱা ১০ বজাত ৰাজধানী এক্সপ্ৰেছ নতুন দিল্লী অভিমুখে ৰাওনা হ'ব আৰু ওপৰত উল্লেখিত প্ৰত্যেকটো ষ্টেচনক স্পৰ্শ কৰি বুধবাৰ, দেওবাৰে প্ৰায় ২ বজাত উপস্থিত হব নতুন দিল্লীত।

ইফালে ডিব্ৰুগড়-কলকতা অভিমুখী ৰেলখন প্ৰত্যেক মঙলবাৰে ২.১০ মিনিটত ৰাওনা হৈ ১৫ ঘন্টাৰ অন্তত উপস্থিত হ'ব কলকতাত। উল্লেখ্য যে, ৰেলৱে বৰ্ডে যোৱা ১৮ ডিচেম্বৰত এই নিৰ্দেশনা প্ৰদান কৰিছে আৰু উত্তৰ-পূব ৰেলৱেই পূৰ্ণদমে অব্যাহত ৰাখিছে এই প্ৰকল্পক লৈ যাৱতীয় কাম-কাজ। সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰী সকলে লাভ কৰিব পাৰিব এই বিশেষ সেৱা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in