কোৰোনাৰ সন্ত্ৰাস! ৰাজভৱনৰ বিস্তৃত অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা…

কোৰোনাৰ সন্ত্ৰাস! ৰাজভৱনৰ বিস্তৃত অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা…
  • মহানগৰীৰ ৰাজভৱনৰ বিস্তৃত অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা।
  • কেবাগৰাকী লোকৰ দেহত কোৰোনা ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।
  • কামৰূপ মহানগৰৰ জিলা উপায়ু্ক্ত বিশ্বজিৎ পেগুৱে এক নিৰ্দেশনাযোগে ঘোষণা কৰিছে কন্টেইনমেন্ট জ'ন।
  • গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক উক্ত অঞ্চলসমূহ ছিল কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
  • ছিল কৰিবলগীয়া এলেকাবোৰ হৈছে, উত্তৰে হোটেল বেলী ভিউ, দক্ষিণে বংকোঁৱৰ নগৰ, পূবে বৰঠাকুৰ ক্লিনিক আৰু পশ্চিমে এম জি ৰোড।
  • এইসমূহ এলেকাত কোনো লোকৰ লগতে বাহনৰ অনাধিকাৰ প্ৰৱেশ বাৰণ কৰা হৈছে।
  • নিৰ্দিষ্ট এলেকাসমূহত সকলো লোকে সামাজিক দূৰত্ব মানি চলিব লাগিব।
  • ৪ জুলাই, ২০২০ৰ দুপৰীয়া ১ বজাৰ পৰা এইসমূহ নীতি নিয়ম কাৰ্যকৰী হৈছে উক্ত এলেকাত।
  • পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল থাকিব নীতি নিয়মসমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in