ৰাহুল গান্ধীক ‘পাপ্পু’ ক’বলৈ সাহস ক’ত পালে?- বিজেপি সাংসদক প্ৰশ্ন কংগ্ৰেছ কাউন্সিলাৰৰ, VIDEO

ৰাহুল গান্ধীক ‘পাপ্পু’ ক’বলৈ সাহস ক’ত পালে?- বিজেপি সাংসদক প্ৰশ্ন কংগ্ৰেছ কাউন্সিলাৰৰ, VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে ৰাজস্থানত দেখিবলৈ পোৱা গ'ল এক আজৱ দৃশ্য। বিজেপিৰ এজন সাংসদ দেৱজীভাইক কংগ্ৰেছ কাউন্সিলাৰ সীতা দামোৰৰ এটাই প্ৰশ্ন- 'আপুনি পাপ্পু ক'বলৈ সাহস ক'ত পালে?'

আচলতে ৰাজস্থানত এক নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল বিজেপিৰ সাংসদগৰাকী। তেওঁ হেনো ভুলতেই ক'লে 'পাপ্পুক মাতক'। তাৰপাছতেই সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। সেই স্থানতেই উপস্থিত থকা কংগ্ৰেছ কাউন্সিলাৰগৰাকীয়ে তেওঁৰ সমুখত আহি প্ৰশ্ন কৰিল- 'পাপ্পু বুলি ক'বলৈ সাহস ক'ত পালে?' বিজেপি সাংসদগৰাকীয়েও দিলে উত্তৰ- 'সকলোৱে কয়, সেয়েহে ময়ো ক'লো।' এনেদৰেই বিজেপি আৰু কংগ্ৰেছৰ দুই নেতাৰ মাজত সৃষ্টি হ'ল বাকবিতণ্ডা। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in