ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ শপতগ্ৰহণ অনুষ্ঠান, LIVE UPDATES

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ শপতগ্ৰহণ অনুষ্ঠান, LIVE UPDATES

পুৱা ১১.১২ বজাতঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে অশোক গেহলটে। উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শচীন পাইলটে।

পুৱা ১০.২৩ বজাতঃ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছেহি ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, কংগ্ৰেছ নেতা যতীন প্ৰসাদ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলে।

পুৱা ১০.১৬ বজাতঃ জয়পুৰত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী।

পুৱা ৯.৩০ বজাতঃ সমাজবাদী দলৰ নেতা অখিলেশ যাদৱ উপস্থিত থকা কথা আছিল ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত। শেষ মুহূৰ্তত যাদৱ আৰু বি এছ পি মুৰব্বী মায়াৱতী শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা সম্ভাৱনা ক্ষীণ।

পুৱা ৯.০০ বজাতঃ শপতগ্ৰহণৰ পূৰ্বে অশোক গেহলটৰ মন্তব্য- কেবিনেটৰ উপদেশ মৰ্মে মুখ্যমন্ত্ৰীয়ে কাম কৰিব। ৰাজস্থানৰ জনতাৰ কল্যাণৰ হকে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তেওঁ চেষ্টা কৰিব।

পুৱা ৮.৩১ বজাতঃ জয়পুৰৰ এলবাৰ্ট হলত শপত ল'ব অশোক গেহলটে। সজাই-পৰাই তোলা হৈছে শপতগ্ৰহণ অনুষ্ঠানস্থলী।

পুৱা ৮.২০ বজাতঃ ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল'ব আজি শচীন পাইলটে। পুৱাৰে পৰা তেওঁৰ বাসগৃহৰ সমুখত গুণমুগ্ধৰ ভিৰ। শুভেচ্ছা জনাবলৈ ভিৰ কৰেহি অসংখ্য সমৰ্থকে।

পুৱা ৮.০০ বজাতঃ কমল নাথ, অশোক গেহলট আৰু ভূপেশ বাঘালে মুখ্যমন্ত্ৰীৰূপে শপত ল'ব আজি। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে নাথে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ৰূপে অশোক গেহলটে আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰূপে বাঘালে শপত ল'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in