ৰাজস্থানত দুৰ্ঘটনাত পতিত বায়ুসেনাৰ এম আই জি-২৭ বিমান

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বায়ুসেনাৰ বিমান মঙলবাৰে পতিত হয় দুৰ্ঘটনাত। ৰাজস্থানৰ জেচলমেৰৰ পৰা প্ৰশিক্ষণ মিছনৰ বাবে এম আই জি-২৭ বিমানখন উৰাৰ পাছতেই পতিত হয় দুৰ্ঘটনাত।

পুৱা প্ৰায় ৬.১০ বজাত পোখৰাণত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ইফালে, দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বৈমানিকগৰাকীৰ। বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ মূল কাৰণ। সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায়ালয়ে তদন্ত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in