নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত সংকটত বিজেপি! মন্ত্ৰী সুৰেন্দ্ৰ গোৱেলৰ পদত্যাগ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজক অধিপত্য বিস্তাৰ কৰিবলৈ উঠিপৰি লাগিছে৷ সেই সময়তে ৰাজস্থান বিজেপিৰ গাত মোক্ষম আঘাত লগা পৰিলক্ষিত হৈছে৷ ৰাজস্থান চৰকাৰৰ বিজেপি মন্ত্ৰী তথা জ্যেষ্ঠ নেতা সুৰেন্দ্ৰ গোৱেলে মন্ত্ৰীপদ আৰু দলৰ পৰা পদত্যাগ কৰে৷

উল্লেখ্য যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত সুৰেন্দ্ৰ গোৱেলৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতাজনে এই সিদ্ধান্ত লয়৷

ৰাজস্থানৰ জৈতাৰণ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সুৰেন্দ্ৰ গোৱেলে মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি মদন লাল চোনীলৈ পৃথকে পৃথকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ কিন্তু ৩বাৰকৈ বিধায়ক হিচাপে জয়যুক্ত হোৱা গোৱেলে তেওঁৰ পদত্যাগৰ আঁৰত কোনো কাৰণ দৰ্শোৱা নাই৷

দেওবাৰে নিশা বিজেপিয়ে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ বাবে ১৩১ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল৷ দলৰ নেতৃত্বই জৈতাৰণ বিধানসভা সমষ্টিৰ পৰা এইবাৰ সুৰেন্দ্ৰ গোৱেলৰ বিপৰীতে অবিনাশ গহলোতক প্ৰাৰ্থীত্ব প্ৰদান কৰে৷ ইফালে এই প্ৰাৰ্থী তাালিকা প্ৰকাশৰ ক্ষেত্ৰত ৰাজস্থান বিজেপিৰ সভাপতি মদন লাল চোনীয়ে কোনো ভূমিকা পালন কৰা নাই বুলিও চৰ্চা চলিছে৷

অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন৷ আগন্তক নিৰ্বাচনক লৈ ৰাজ্যখনত কংগ্ৰেছ-বিজেপিয়ে ন ন ৰণনীতি ৰচনা কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিলেও বিজেপিৰ জ্যেষ্ঠ নতা সুৰেন্দ্ৰ গোৱেলৰ পদত্যাগে বিজেপিৰ ভেটি কিছু পৰিমাণে হ'লেও শিথিল কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in