ভয়ংকৰ পথ দুৰ্ঘটনাঃ ট্ৰাক-বাছৰ সংঘৰ্ষত প্ৰাণ গ’ল ১০ যাত্ৰীৰ…

ভয়ংকৰ পথ দুৰ্ঘটনাঃ ট্ৰাক-বাছৰ সংঘৰ্ষত প্ৰাণ গ’ল ১০ যাত্ৰীৰ…
  • ৰাজস্থানৰ বিকানেৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বিকানেৰ জিলাৰ ডুনগাৰগড় ১১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
  • থিতাতে নিহত হৈছে ১০জন যাত্ৰী।
  • ২০জনৰো অধিক লোক আহত হৈছে এই দুৰ্ঘটনাত।
  • দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে, জ্বলি উঠে দুয়োখন বাহন।
  • আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও কেইবাজনৰ অৱস্থা সংকটজনক।
  • অতি দ্ৰুতবেগত আহি বাহন দুখমন খুন্দা মৰাৰ সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in