ৰাফেল বিমান থাকিলে আমাৰ জোৱানে পাকিস্তানলৈ যোৱাৰ প্ৰয়োজনেই নাছিলঃ ৰাজনাথ সিং

ৰাফেল বিমান থাকিলে আমাৰ জোৱানে পাকিস্তানলৈ যোৱাৰ প্ৰয়োজনেই নাছিলঃ ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ বিৰোধী দল কংগ্ৰেছে প্ৰায়ে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে ৰাফেল যুঁজাৰু বিমান ক্ৰয় প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। আৰু 'দেশৰ চকীদাৰেই চোৰ' বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীক। কিন্তু গৃহ মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ৰাফেল বিমানখনৰ সন্দৰ্ভত মন্তব্য কৰে এক জনসভাত।

লক্ষ্ণৌত গৃহ মন্ত্ৰী ৰাজ নাথ সিঙে এক জনসভাত কয়- 'ৰাফেল যুঁজাৰু বিমানখনে ভাৰতৰ ভূমিত থাকিও চুবুৰীয়া দেশত আক্ৰমণ কৰিব পাৰে। যদি এই যুঁজাৰু বিমানখন আমাৰ সেনাত থাকিলেহেঁতেন, তেন্তে মই ভাবো আমাৰ জোৱানসকলে আক্ৰমণ কৰিবলৈ পাকিস্তানলৈ যোৱাৰ কোনো প্ৰয়োজনেই নহ'ল হয়।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in