প্ৰিয়ংকাৰ প্ৰশংসাত পঞ্চমুখ ৰাজ বব্বৰ, ৰবাৰ্ট বাদ্ৰাই ইচ্ছা কৰিলেই ৰাজনীতিৰ দুৱাৰ খুলি দিব কংগ্ৰেছে

প্ৰিয়ংকাৰ প্ৰশংসাত পঞ্চমুখ ৰাজ বব্বৰ, ৰবাৰ্ট বাদ্ৰাই ইচ্ছা কৰিলেই ৰাজনীতিৰ দুৱাৰ খুলি দিব কংগ্ৰেছে

ডিজিটেল ডেস্কঃ 'প্ৰিয়ংকা গান্ধীয়ে য'ৰ পৰাই প্ৰতিদ্বন্দ্বিতা নকৰক কিয়, তেওঁৰ জয় নিশ্চিত।' দেওবাৰে এই মন্তব্য কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰাজ বব্বৰে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰিয়ংকা গান্ধী সন্দৰ্ভত মন্তব্য কৰি কয়, 'প্ৰিয়ংকা এগৰাকী উদ্যমী নেত্ৰী। তেওঁ নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰাত জনতাই তেওঁক অতি সহৃদয়তাৰে আঁকোৱালি লৈছে। প্ৰিয়ংকাই জনতাৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁ য'ৰ পৰাই প্ৰতিদ্বন্দ্বিতা নকৰক, বিজয় নিশ্চিত।'

ইফালে প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট বাদ্ৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰবাৰ্ট বাদ্ৰাই ইচ্ছা কৰিলে ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে বুলি মন্তব্য কৰি তেওঁ কয়, 'তেওঁ আমাৰ পৰিয়ালৰে এজন সদস্য। তেওঁ ইচ্ছা কৰিলে ৰাজনীতিত প্ৰৱেশ কৰাৰ আপত্তি নাই। তেওঁ এজন সুদক্ষ নেতা হোৱাৰ যোগ্য।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in