ভূমিস্খলনঃ মঙলবাৰে ৰাজ্যত কিমান জনে হেৰুৱালে প্ৰাণ, দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰতিবেদন জাৰি…

ভূমিস্খলনঃ মঙলবাৰে ৰাজ্যত কিমান জনে হেৰুৱালে প্ৰাণ, দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰতিবেদন জাৰি…
  • মঙলবাৰে ভূমিস্খলনৰ ফলত দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰে এক প্ৰতিবেদন।
  • এই প্ৰতিবেদনখনত কাচাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওত হোৱা ভূমিস্খনৰ সন্দৰ্ভত উল্লেখ কৰা হৈছে।

কাচাৰঃ

  • কাচাৰৰ লখিপুৰ ৰাজহ চক্ৰত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে দুটাকৈ ঘৰ।
  • ইফালে, ৭জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ভূমিস্খলনৰ ফলত।
  • আহত হৈছে এজন লোক।
  • এই ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত এছডিআৰএফ আৰু আছাম ৰাইফলছে অব্যাহত ৰাখিছে অভিযান।

হাইলাকান্দিঃ

  • হাইলাকান্দিৰ ৰাজহ চক্ৰ দুটা ক্ৰমে হাইলাকান্দি আৰু আলগাপুৰত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে।
  • ভূমিস্খলনৰ ফলত এই অঞ্চলত ৮জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে ৩জন।
  • উক্ত অঞ্চলত আৰক্ষী বাহিনী আৰু স্থানীয় লোকে মিলি অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

কৰিমগঞ্জঃ

  • কৰিমগঞ্জৰ নিলামবজাৰ ৰাজহ চক্ৰত ১ঘৰ সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে ৩টাকৈ ঘৰ কিছু পৰিমান ক্ষতিগ্ৰস্ত হৈছে।
  • এই অঞ্চলত ৬জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
  • ইফালে ভূমিস্খলনৰ ফলত আহত হৈছে ৩জন।
  • ইয়াত এছডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

ডিমা হাচাওঃ

  • ডিমা হাচাওৰ হাফলং ৰাজহ চক্ৰৰ অন্তৰ্গত মুপা-মাইবাঙৰ মাজত ৰে'ল পথ খহি পৰে।
  • ৰে'ল পথ খহি পৰাৰ ফলত ব্যাহত হৈ পৰে ৰে'ল সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in