দৰঙত ভেকোঁভাওনাত পৰিণত বৰষুণৰ পানী সংৰক্ষণ আঁচনি

দৰঙত ভেকোঁভাওনাত পৰিণত  বৰষুণৰ পানী সংৰক্ষণ আঁচনি

ডিজিটেল সংবাদ, মঙলদৈঃ  দৰং জিলাত কোভাওনাত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ বৰষুণৰ পানী সংৰক্ষণ আচঁনি। উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে বৰষুণৰ পানী সংৰক্ষণ কৰি খোৱাৰ উপযোগী কৰি তোলাৰ ব্যৱস্থা কৰা হৈছিল।

লাখ লাখ টকা ব্যয় কৰি এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল যদিও ইয়াৰ দ্বাৰা উপকৃত নহল বিদ্যালয়সমূহৰ এগৰাকীও ছাত্র-ছাত্ৰী। আচঁনিখনে ছাত্র-ছাত্রীসকলক বিশুদ্ধ পানীযোগান ধৰাতো দূৰৰে কথা বিদ্যালয় চৌহদত এক কদৰ্যময় পৰিবেশ সৃষ্টি কৰাহে পৰিলক্ষিত হৈছে।

প্ৰাপ্ত তথ্যমতে ২০১০-১১ বিত্তীয় বৰ্ষত প্ৰাথমিক বিদ্যালয়সমূহত খোৱাপানী সমস্যা আতৰ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ আঁচনি গ্ৰহণ কৰে। আচঁনিখনৰ অধীনত বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰাকৈ টেংকী, নলী আদিৰ বাবদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় ২ লক্ষাধিক টকা ব্যয় কৰা হৈছিল।

আচঁনিখনৰ নামত কেবা লক্ষাধিক টকা খৰচ কৰাৰ পাছতো কি কাৰণত জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম নহল সেই সন্দৰ্ভত তদন্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত স্থানীয় ৰাইজৰ লগতে সদৌ দৰং জিলা ছাত্ৰ সন্থাই দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in