আনুষ্ঠানিকভাৱে উদ্বোধন হ’ল ৰায়ম’না ৰাষ্ট্ৰীয় উদ্যান…

আনুষ্ঠানিকভাৱে উদ্বোধন হ’ল ৰায়ম’না ৰাষ্ট্ৰীয় উদ্যান…

আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল ৰায়ম'না ৰাষ্ট্ৰীয় উদ্যান…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অৱশেষত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে ৰায়ম'না সংৰক্ষিত বনাঞ্চলে৷ইয়াৰ লগে লগে বি টি আৰৰ পৰ্যটন উদ্যোগ বিশ্বৰ পৰ্যটন মানচিত্ৰত সংযোজন হ'ল। বি টি আৰৰ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাঁৱ বন সংমণ্ডলৰ অন্তৰ্গত ৰায়ম'না ৰাষ্টীয় উদ্যানখনক বিশ্বৰ পৰ্যটন মানচিত্ৰত সংযোজন কৰাৰ লগে লগে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ভূটানৰ পাদদেশত সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আবৰি থকা ৰায়ম'না ৰাষ্ট্ৰীয় উদ্যানখন ৪২২ বৰ্গ কিলোমিটাৰ এলেকা বিস্তৃত হৈ আছে৷ ইয়াৰ উপৰিও ৰায়ম'না এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ঘন আপুৰুগীয়া শাল গছৰ ভাণ্ডাৰ৷ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰা ৰায়ম'নাত আছে বিভিন্ন প্ৰজাতিৰ পখিলা,সোণালী বান্দৰ,বনৰীয়া হাতী,নাহৰ ফুটুকী বাঘ,বনৰীয়া ম'হ আদি ৷

ৰায়ম'না সংৰক্ষিত বনাঞ্চলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰাৰ পিছতে শুক্ৰবাৰে আনুষ্ঠানিকভাৱে এই ৰাষ্ট্ৰীয় উদ্যানখন উদ্বোধন কৰে অসম চৰকাৰৰ বন তথা পৰ্যটন মন্ত্ৰী পৰিমল শুক্ন বৈদ্যই৷আনহাতেদি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰী,ভূপেন বড়ো,গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিচিৰ কাৰ্যৱাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী,দিগন্ত বৰুৱা,অৰুপ কুমাৰ দে আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in