দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰেল মন্ত্ৰণালয়ে দিল্লী, মুম্বাইসহ প্ৰায় ৫০টা ৰেল ষ্টেচন পিপিপি মডেলৰ অধীনত ব্যক্তিগত কোম্পানীৰ হাতত চমজাই দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। কেৱল এয়াই নহয়, ডাঙৰ ৰেল ষ্টেচনসমূহ  বিমান বন্দৰৰ দৰে উন্নত কৰা হব বুলি জানিব পৰা গৈছে।

ইফালে, মন্ত্ৰণালয়ে লোৱা এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰেল ইউনিয়নে।আনহাতে, ব্যক্তিগত কোম্পানীক ৬০ বছৰৰ বাবে এয়া লীজত দিয়া বুলি ঘোষণা কৰাৰপাছত আদানী, জিএমআৰকে ধৰি ছিংগাপুৰৰ কোম্পানীয়েও ইয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত নীতি আয়োগৰ শ্বেয়াৰমেন অমিতাভ কান্তই কয় যে, যেতিয়া ব্যক্তিগত বেংক খোলা হৈছিল তেতিয়া এছবিআই বন্ধ হৈ গৈছিল নেকিয নতুন প্ৰযুক্তি আহিব, উন্নতি হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in