টিকট নোহোৱাকৈ যদি ৰে’লত উঠিছে, তেন্তে এতিয়াৰে পৰা ভৰিব নালাগে জৰিমনা!…

টিকট নোহোৱাকৈ যদি ৰে’লত উঠিছে, তেন্তে এতিয়াৰে পৰা ভৰিব নালাগে জৰিমনা!…

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত বাস কৰা অধিকাংশ লোকৰ বাবে ৰে'লযাত্ৰা হৈছে সবাতোকৈ প্ৰিয় , কিয়নো ৰে'লত কম খৰচতে দুুৰণিবতীয়া যাত্ৰা কৰিব পাৰি। কেতিয়াবা সময়ৰ নাটনিৰ বাবে বহু যাত্ৰীয়ে সঠিক সময়ত উপস্থিত হ'বলৈ বিনা টিকটেৰে ৰে'ল যাত্ৰা কৰে। ফলত আদবাটতে টিকট পৰ্যবেক্ষকৰ হাতত পৰি ভৰিব লগা হয় জৰিমনা।

কিন্তু এতিয়া ভুলবশত: বিনা টিকটেৰে যদি ৰে'লত কোনো যাত্ৰীয়ে ভ্ৰমণ কৰে, তেন্তে চিন্তা নাই। যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে'লৱেই শেহতীয়াকৈ এক নতুন নিয়ম নিৰ্ধাৰণ কৰিছে। এতিয়াৰে পৰা কোনো যাত্ৰীয়ে যদি বিনাটিকটেৰে যদি ৰে'ল উঠিছে, তেন্তে ৰে'লতে সংগ্ৰহ কৰিব টিকট।

কেনেকৈ সংগ্ৰহ কৰিব টিকট:

যদি আপোনাৰ হাতত টিকট নাই অথবা অনলাইনৰ জৰিয়তে কৰা টিকট আপোনাৰ হাতত নথকাকৈয়ে ৰে'লত যাত্ৰা কৰিছে তেন্তে চলন্ত ৰে'লতে টিকট পৰ্যবেক্ষকৰ পৰা সংগ্ৰহ কৰিব টিকট। ইয়াৰ বাবে আপুনি নিৰ্ধাৰিত মূল্যতকৈ অতিৰিক্তকৈ দিব লাগিব ১০ টকা । টিকট পৰ্যবেক্ষকৰ হাতত শেহতীয়াকৈ প্ৰদান কৰা 'হেণ্ড হেল্ড' নামৰ মেচিনৰ যোগেদি তৎক্ষণাত টিকট নোহোৱা যাত্ৰীক প্ৰদান কৰিব টিকট।

দৰাচলতে এই হেণ্ড হেল্ড মেচিনৰ সুবিধা বৰ্তমান কেৱল চুপাৰ ফাষ্ট ৰে'লতহে উপলদ্ধ। কিন্তু অচিৰেই দেশৰ সকলো ৰে'লতে আৰম্ভ হ'ব এই সুবিধা।এই সুবিধা সেই সকল যাত্ৰীয়েহে লাভ কৰিব যি সকলে টিকট পৰীক্ষা কৰাৰ আগতেই টিকট পৰ্যবেক্ষকৰ সৈতে যোগাযোগ কৰিছে। অন্যথা, টিকট পৰীক্ষাৰ কৰাৰ সময়ত ভৰিব লাগিব জৰিমনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in