১ জুনৰ পৰা আৰম্ভ হ’ব ৰে’ল সেৱাঃ যাত্ৰাৰ বাবে কি কি নিয়ম মানিব লাগিব ৰে’ল যাত্ৰী…

১ জুনৰ পৰা আৰম্ভ হ’ব ৰে’ল সেৱাঃ যাত্ৰাৰ বাবে কি কি নিয়ম মানিব লাগিব ৰে’ল যাত্ৰী…

ডিজিটেল ডেস্কঃ ১ জুনৰ পৰা আৰম্ভ হ'ব সমগ্ৰ দেশজুৰি ৰে'ল সেৱা। ২০০খন দূৰণিবটীয়া ৰেলৰ যাত্ৰা আৰম্ভ হ'ব সোমবাৰৰ পৰা। অসমতো সোমবাৰৰ পৰা কেইবাখনো ৰে'লৰ স্বাভাৱিক যাত্ৰা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে ৰে'ল বিভাগৰ উত্তৰ-পূব সীমান্তৰ ৰেলৱে সংমণ্ডলৰ দায়িত্বত থকা মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই।

১ জুনৰ পৰা অসমৰ পৰা আৰু অসমলৈ চলাচল কৰিব পৰা ৰে'ল সমূহ হৈছে-

  • ব্ৰহ্মপুত্ৰ মেইল, (ডিব্ৰুগড়-দিল্লী)
  • জনশতাব্দী এক্সপ্ৰেছ (গুৱাহাটী-যোৰহাট)
  • এলটিটি এক্সপ্ৰেছ (গুৱাহাটী-মুম্বাই), এই ৰেলখনৰ যাত্ৰা আৰম্ভ হ'ব ৩ জুনৰ পৰা।
  • ইয়াৰোপৰি নিউ জলপাইগুড়ি আৰু আলিপুৰদুৱাৰ পৰা ৩খন ৰেল চলাচল কৰিব।

এই ৰে'ল যাত্ৰা সময়ত কিছু নীতি-নিয়ম বান্ধি দিছে ৰে'ল বিভাগে-

  • যিসকলৰ ৰেল যাত্ৰাৰ টিকট নিশ্চিত হৈছে তেওঁলোকেহে কেৱল যাত্ৰা কৰিব পাৰিব।
  • এই ৰে'লসমূহত কোনো অসংৰক্ষণ দবা নাথাকিব।
  • বাৰ্তানুকূল শ্ৰেণীৰ যাত্ৰীৰ বাবে কোনো বিচনাৰ যোগান ধৰা নহয়।
  • যাত্ৰীসকলক আহাৰ আৰু খোৱাপানী লগত আনিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • সীমিত সংখ্যক খাদ্য, খোৱাপানী বা শিতল পানীয় ৰে'ল বিভাগে মূল্যৰ বিনিময়ত যোগান ধৰিব।
  • ৰে'ল যাত্ৰা কৰা যাত্ৰীসকলে সংশ্লিষ্ট চৰকাৰে বান্ধি দিয়া কোৱাৰেন্টাইন নিয়ম আৰু স্ক্ৰিনিং প্ৰট'ক'ল মানি চলিব লাগিব।
  • সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰা আৰু হাত ছেনিটাইজ কৰাতো বাধ্যতামূলক।
  • ৰেলসমূহে যাত্ৰা আৰম্ভ কৰাৰ ৯০ মিনিট আগতে যাত্ৰীসকলে ষ্টেচন পাবহি লাগিব।
  • সকলো যাত্ৰীৰ বাবে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in