মন্ত্ৰী পীয়ুষ গোৱেলৰ নতুন আৱিষ্কাৰঃ নিউটন নহয়, আইনষ্টাইনেহে আৱিষ্কাৰ কৰিছিল মধ্যাকৰ্ষণ শক্তিৰ

মন্ত্ৰী পীয়ুষ গোৱেলৰ নতুন আৱিষ্কাৰঃ নিউটন নহয়, আইনষ্টাইনেহে আৱিষ্কাৰ কৰিছিল মধ্যাকৰ্ষণ শক্তিৰ

ডিজিটেল ডেস্কঃ ৰাজনেতাই অদ্ভূত মন্তব্য কৰাটো এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে। কথাই কথাই নেতাই ইতিহাস বিকৃত কৰি নিজৰ মতে সজাই লোৱাও দেখা যায়। পিছে কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ নজনাকৈ কৰা কোনো এক মন্তব্যই প্ৰতিক্ৰিয়া সহজেই সৃষ্টি কৰে। দেশৰ কেন্দ্ৰীয় ৰে'ল আৰু বানিজ্য মন্ত্ৰী পীয়ুষ গোৱেলেও তেনেকৈয়ে কৰা মন্তব্যই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ছ'চিয়েল মিডিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমালোচনাৰ শৰেৰে থকা সৰকা কৰিছে নেটিজেন সকলে।

দৰাচলতে দেশৰ বৰ্তমান আৰ্থিক মন্দাৱস্থা আৰু আৰ্থৱ্যৱস্থাক ৫ ত্ৰিলিয়নলৈকে উন্নীত কৰাৰ চৰকাৰৰ ঘোষণা সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ এটা উদাহৰণ দিব বিচাৰিছিল কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে। য'ত তেওঁ নিউটনৰ ঠাইত আইনষ্টাইন নাম উল্লেখ কৰে। মন্ত্ৰীগৰাকীৰ এনে জ্ঞানৰ গভীৰতাই এতিয়া তোলপাৰ লগাইছে ছ'চিয়েল মাধ্যম।

'বৰ্তমানৰ আৰ্থিক পৰিস্থিতিৰ পৰা দেশৰ অৰ্থব্যৱস্থাক ৫ ত্ৰিলিয়নলৈ উন্নীত কৰাটো কেনেকৈ সম্ভৱ' বুলি সোধা এক প্ৰশ্নৰ উত্তৰ দি পীয়ুষ গোৱেলে কয়, টিভিত দেখুওৱা দেশৰ আৰ্থিক হিচাব নিকাচত বিশ্বাস নকৰিব। ৫ ত্ৰিলিয়ন অৰ্থব্যৱস্থাৰ বাবে দেশ ১২ শতাংশ দ্ৰুতগতিৰে আগবাঢ়িব লাগিব। হিচাব নিকাচে আইনষ্টাইনক মধ্যাকৰ্ষণ শক্তিৰ সন্ধানত সহায় কৰা নাছিল। গণিতৰ হিচাব নিকাচতে ব্যস্ত হৈ থাকিলে আইনষ্টাইনে মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিব নোৱাৰিলেহেঁতন।'

দেশৰ আৰ্থিক অৱস্থা বৰ্তমান সময়ত ৬ শতাংশ দ্ৰুততাৰে আগবাঢ়ি আছে বুলি উল্লেখ কৰি ৰে'লমন্ত্ৰীগৰাকীয়ে কয় যে এই দ্ৰুততা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ আৱশ্যক। তেতিয়াহে দেশৰ অৰ্থব্যৱস্থাক ৫ ত্ৰিলিয়নলৈ উন্নীত কৰিব পৰা যাব। দেশৰ অৰ্থব্যৱস্থা সন্দৰ্ভত টিভি বা সংবাদ মাধ্যমত দেখুওৱা হিচাব নিকাচ শুদ্ধ নহয় বুলি মন্তব্য কৰি তেওঁ কয়, 'যদি পূৰ্বে নিৰ্মিত ফৰ্মুলা আৰু অতীতৰ অভিজ্ঞতাৰে আগবঢ়া হ'লে মই নাভাৱো যে পৃথিৱীত ইমানবোৰ আৱিষ্কাৰ সম্ভৱ হ'লহেঁতেন।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in