শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ৰে’ল ইতিহাসত নঘটা এক ঘটনা! হাতী খুন্দিওৱা ৰে’ল ইঞ্জিন জব্দ কৰি উভতালে বন বিভাগে…

310

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰে’ল ইতিহাসত এক নঘটা ঘটনা সংঘটিত হ’ল। ১২৪৪০ডব্লিউ ডি জি ৪ নম্বৰৰ ল’ক’ ইঞ্জিনটো জব্দ কৰাৰ লগতে সেই ৰে’লখনৰ দুজন কৰ্মচাৰীক নিলম্বন কৰিছে ৰেল বিভাগে। ২৭ ছেপ্টেবৰ, ২০২০ৰ ঘটনা আছিল এয়া।

সেই দিনা এখন মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হৈছিল এজন হাতী আৰু এটা পোৱালিৰ। তাৰপাছতে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰে । বন বিভাগে ৰুজু কৰা এক গোচৰত মঙলবাৰে বামুনীমৈদামৰ পৰা সেই ইঞ্জিনটো জব্দ কৰি পাছত চৰ্ত সাপেক্ষে ৰেল বিভাগক ঘূৰাই দিয়ে ইঞ্জিনটো।

ইতিমধ্যে ৰে’লখনৰ দুই চালকক ৰেল বিভাগে নিলম্বন কৰিছে। হোজাইৰ ডিএফঅ’ আৰু গুৱাহাটীৰ ডিএফঅ’ই এই অভিযান চলাই ৰেলখনৰ চালক আৰু ইয়াৰ সুৰক্ষা কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছিল। জানিব পৰা মতে, মৃত হাতীটো প্ৰায় এক কিলোমিটাৰ দূৰত্ব চোঁচৰাই নিছিল ৰে’লখনে। সেই সময়ত ৰে’লখনৰ ব্ৰেক ছিঙি যোৱাৰ লগতে ৰে’লখনৰ চালকে সুৰপান কৰি থকা তথ্যও লাভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি