উপ নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পক্ষপাতী ৰাইজৰ দল

উপ নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পক্ষপাতী  ৰাইজৰ দল
  • ৰাজ্যৰ কেইবাটাও সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদ মেল।
  • উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পক্ষত ৰাইজৰ দল।
  • ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে এই বিষয়ে সংবাদ মেলত অৱগত কৰিছে।
  • ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত বাৰে বাৰে আহ্বান জনাইছিল।
  • কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাইয়ো অখিল গগৈৰ সুৰতেই কথা কৈছিল।
  • ৰাণা গোস্বামীয়ে সকলো সমষ্টিতে নিজাববীয়াকৈ প্রাৰ্থী দিব বুলি কৈ উমৈহতীয়া প্রাৰ্থীৰ আহ্বানক কংগ্রেছে নস্যাৎ কৰিলে।
  • এই কথাই আমাৰ মনত আশংকাৰ সৃষ্টি কৰিছে।
  • উপ নিৰ্বাচনে চৰকাৰৰ সলনি কৰিব নোৱাৰে।
  • আগন্তুক পৌৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত এই নিৰ্বাচনে প্রভাৱ পেলাব।
  • কংগ্রেছে উমৈহতীয়া প্রাৰ্থী প্রক্ষেপৰ সিদ্ধান্ত লওঁক।
  • বিৰোধী ঐক্য গঠনত তেওঁলোকেই দায়িত্ব লওঁক।
  • আমি AIUDFৰ লগত নাই।
  • সংবাদ মেলত এই মন্তব্য কৰিছে ৰাইজৰ নেতা কমল কুমাৰ মেধিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in